আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ…

আমেৰিকাৰ উপ–ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে।

বৃহস্পতিবাৰে কমলা হেৰিছৰ সৈতে সাক্ষাতৰ সময়ত গণতন্ত্ৰ, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনসহ কেইবাটাও বিষয়ত আলোচনা কৰে মোডীয়ে।

হেৰিছে ভাৰতক আমেৰিকাৰ স্বাভাৱিক মিত্ৰ বুলি উল্লেখ কৰে।

এই বৈঠকতে মোডীয়ে হেৰিছক কয় যে, তেওঁৰ বিশ্বাস আছে যে ৰাষ্ট্ৰপতি জো বাইডেন আৰু তেওঁৰ নেতৃত্বত ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কই নতুন শিখৰত উপনীত হ’ব।

উল্লেখ্য যে, মোদী আৰু হেৰিছৰ মাজত এয়া আছিল প্ৰথম মুখামুখি সাক্ষাৎ।

ইয়াৰ পূৰ্বে কৰ’ণাৰ দ্বিতীয় ঢৌৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰিছিল।

আমেৰিকাৰ ইতিহাসত প্রথমগৰাকী ভাৰতীয় বংশোদ্ভৱ মহিলা উপ–ৰাষ্ট্রপতি হেৰিছৰ সৈতে প্রধানমন্ত্রী মোদীয়ে বিভিন্ন প্রসংগত বার্তালাপ কৰে৷

ইয়াৰ পাছতেই প্রধানমন্ত্রী মোদীয়ে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷

কাইলৈ প্রধানমন্ত্রী মোদীয়ে হোৱাইট হাউছত মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব৷

উল্লেখ্য যে মার্কিন ৰাষ্ট্রপতি হিচাপে বাইডেনে দায়িত্ব গ্রহণ কৰাৰ পাছত প্রধানমন্ত্রী মোদীৰ এইখনেই হ’ব প্রথম মুখামুখি বৈঠক৷

Leave a Comment