ভয়ংকৰ দুৰ্ঘটনা! বাতৰিকাকত কঢ়িয়াই অনা বাহন দুৰ্ঘটনাত পতিত, থিতাতে নিহত দুই…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাতৰি কাকত কঢ়িওৱা বলেৰো পিক আপ ভান দুৰ্ঘটনাত পতিত।

বাহনখনে গুৱাহাটী অভিমুখে আহি থকাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ দুই পথৰ মাজ ভাগত থকা দ কালভাৰ্ট এটাত হঠাতে সোমাই যোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

বৰপেটা জিলাৰ সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় পথৰ বি এড কলেজৰ সন্মুখত সংঘটিত হৈছে এই দুৰ্ঘটনা।

দুৰ্ঘটনাগ্ৰস্ত AS-01GC-6377 বলেৰো গাড়ীখন গুৱাহাটীৰ ‘নিয়মীয়া বাৰ্তা’ কাকত পক্ষৰ বুলি জানিব পৰা হৈছে৷

এই দুৰ্ঘটনাত গাড়ীখনত থকা ৩ জন আৰোহীৰ ভিতৰত ২ জনৰ থিতাতে মৃত্যু হয় আৰু আন এজন গুৰুতৰ ভাৱে আহত হয়৷

নিহত হোৱা এজন হৈছে উমানন্দ ৰাভা আৰু নিহত আনজন চিনাক্ত হোৱা নাই৷

আনহাতে গুৰুতৰ ভাৱে আহত হিতেশ বৰ্মনক চিকিৎসাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হৈছে।

Leave a Comment