স্বাধীনতাৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীত পূৰ্ণ সহযোগিতা আগবঢ়াইছে ৰাজ্যবাসীয়ে।
অসমত বৰ্তমানলৈ ৫৩ লাখ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী হৈছে।
এই কথা সদৰি কৰিছে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে।
বৰপেটাৰোড গোৱৰ্ধনা আৰু চকচকা মণ্ডল বিজেপিৰ উদ্যোগত আৰু বিজেপিৰ যুৱ মৰ্চাৰ বৰপেটা জিলা সমিতিৰ সহযোগত অনুষ্ঠিত বাইক ৰেলীত অংশগ্ৰহণ কৰি এই কথা সদৰি কৰিছে মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী গৰাকীয়ে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক লৈ সমগ্ৰ অসমতে তোলপাৰ লাগিছে বুলি উল্লেখ কৰে।
অসম সমবায় সমিতি আৰু আত্মসহায়ক গোটৰ জৰিয়তে ৫৩ লাখ ত্ৰিৰংগা বিক্ৰী হোৱাৰ কথা দোহাৰে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে।
সাংস্কৃতিক প্ৰকল্পৰ জৰিয়তে ৪৩ হাজাৰ সূলভ মূল্যৰ দোকানৰ জৰিয়তে ৰেহাই মূল্যত আৰু ২০ লাখ ত্ৰিৰংগা ইতিমধ্যে বিক্ৰী হৈছে বুলিও কয়।
অসমত বৰ্তমান ৬৫ লাখ পৰিয়াল আছে। ইয়াৰ ভিতৰত ৫৩ লাখ ত্ৰিৰংগা বিক্ৰী হৈছে। বাকী ১০ লাখ পৰিয়ালে এইকেইদিনত ক্ৰয় কৰিব আৰু ঘৰে ঘৰে লগাব বুলিও কয় মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে।









