ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰক নিলম্বন।
ঠিকাদাৰৰ পৰা ৫০ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হৈছিল বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰ।
অৱশেষত বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে এক নির্দেশযোগে চাকৰিৰ পৰা নিলম্বন কৰে খাটনিয়াৰক।
লগতে বিশ্ববিদ্যালয়খনৰ নতুন ভাৰপ্রাপ্ত পঞ্জীয়ক নিযুক্তি প্ৰদান কৰা হয়।
ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সহযোগী অধ্যাপক মনোজ কুমাৰ দাসক বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি প্ৰদান কৰা হয়।









