পুৰণি বটলৰ তলত ভৰাই সৰবৰাহ মূল্যবান বাৰ্মিজ কাঠ! আৰক্ষীৰ অভিযানত আটক ট্ৰাকসহ দুজন

নিউজ ডেস্কঃ পুৰণি বটলৰ তলত ভৰাই ট্ৰাকেৰে মহা মূল্যবান বাৰ্মিজ কাঠ সৰবৰাহৰ সময়তে সোমবাৰে বিয়লি শ্ৰীৰামপুৰত আৰক্ষীয়ে আটক কৰে দুজনকৈ সৰবৰাহকাৰীক।

লগতে আৰক্ষীয়ে বাৰ্মিজ কাঠ সৰবৰাহ কৰা এনএল ০২ কিউ ৮৯৬৭ নম্বৰৰ ট্ৰাকখনো জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, এক গোপন সূত্ৰৰ ভিত্তিত শিমলুটাপু আৰক্ষীয়ে সোমবাৰে বিয়লি গোঁসাইগাঁও মহকুমাৰ পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বাৰ্মিজ কাঠভৰ্তি ট্ৰাকখন জব্দ কৰে।

photo1660029657
পুৰণি বটলৰ তলত ভৰাই সৰবৰাহ মূল্যবান বাৰ্মিজ কাঠ! আৰক্ষীৰ অভিযানত আটক ট্ৰাকসহ দুজন 2

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালক কলকাতাৰ ৰবীন চেটাৰ্জী আৰু দীপক দেহৰীয়া (১৯) নামৰ মধ্যপ্ৰদেশৰ আন এজনক আটক কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সৰবৰাহকাৰীয়ে পুৰণি বটলৰ তলত ভৰাই অতি কৌশলেৰে বাৰ্মিজ কাঠসমূহ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল। জব্দকৃত কাঠখিনিৰ মূল্য ২০ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে।