৯ বছৰ পূৰ্বে এহাল সন্তানহীন দম্পতীয়ে অপহৰণ কৰিছিল ৭ বছৰীয়া পূজাক, এতিয়া ১৬ বছৰীয়া হৈ পুনৰ উভতি আহিল পৰিয়ালৰ কাষলৈ…

.নিউজ জেস্কঃ ২০১৩ চনৰ ২২ জানুৱাৰীত ভাতৃৰ সৈতে স্কুললৈ যোৱাৰ সময়তে অপহৰণ কৰা হৈছিল পূজা নামৰ এগৰাকী ৭ বছৰীয়া কণমানিক। এতিয়া পূজা ১৬ বছৰীয়া হ’ল। আৰু এই সুদীৰ্ঘ ৯ বছৰৰ অন্তত পূজাই ওভতাই পালে তেওঁৰ নিজৰ পিতৃ-মাতৃক।

এই আৱেগবিহ্বল ঘটনা সংঘটিত হৈছে মায়ানগৰী মুম্বাইত। জানিব পৰা মতে, ৯ বছৰ পূৰ্বে বিদ্যালয়লৈ যোৱাৰ সময়ত গিলবাৰ্ট অঞ্চলৰ পৰা এহাল সন্তানহীন দম্পতীয়ে অপহৰণ কৰিছিল পূজা গৌড় নামৰ শিশুটিক।

শিশুটি সন্ধানহীন হোৱাৰ পিছত পৰিয়াল আৰু আৰক্ষীয়ে উন্মাদৰ দৰে বিচাৰি ফুৰিছিল পূজাক। সেই সময়ত পূজাক বিচাৰি মুম্বাইৰ চুকে কোণে পোষ্টাৰো আঁৰিছিল পৰিয়ালটোৱে। কিন্তু বছৰ বছৰ ধৰি বিচাৰিও পূজাৰ কোনো সন্ধান নোপোৱাত অৱশেষত নিজ কন্যাক ওভতাই পোৱাৰ আশাই হেৰুৱাই পেলাইছিল পিতৃ-মাতৃয়ে।

photo1659944135
৯ বছৰ পূৰ্বে এহাল সন্তানহীন দম্পতীয়ে অপহৰণ কৰিছিল ৭ বছৰীয়া পূজাক, এতিয়া ১৬ বছৰীয়া হৈ পুনৰ উভতি আহিল পৰিয়ালৰ কাষলৈ… 4

কিন্তু আশ্বৰ্যজনক ভাৱে পূজা অপহৰণ হোৱাৰ ৯ বছৰ পিছত পুনৰ সন্ধান লাভ কৰে পৰিয়ালে। অৱশ্যেই পূজা এতিয়া তাহানিৰ শিশুটি হৈ থকা নাই। গাত যৌৱনৰ বা নমা এগৰাকী ১৬ বছৰীয়া কিশোৰী হৈ পৰিছে পূজা গৌড়। নিজ কন্যাক ওভতাই পাই আনন্দত এতিয়া আত্মহাৰা হৈ পৰিছে পিতৃ-মাতৃ আৰু পৰিয়াল।

আনফালে পূজাক ৯ বছৰ পূৰ্বে অপহৰণ কৰা হেৰী ডিছ’জা আৰু ছোনী ডিছ’জা নামৰ দম্পতীহালৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ডিএন নগৰ আৰক্ষীয়ে।

image 65
৯ বছৰ পূৰ্বে এহাল সন্তানহীন দম্পতীয়ে অপহৰণ কৰিছিল ৭ বছৰীয়া পূজাক, এতিয়া ১৬ বছৰীয়া হৈ পুনৰ উভতি আহিল পৰিয়ালৰ কাষলৈ… 5

আৰক্ষীয়ে সদৰী কৰা মতে, পূজাক অপহৰণ কৰাৰ পিছতো ৯ বছৰ ধৰি পূজাৰ প্ৰকৃত পিতৃ-মাতৃৰ ঘৰৰ ওচৰতে জুহুত নিৰ্বিঘ্নে বাস কৰি আহিছিল ডিছ’জা দম্পতীহালে। কিন্তু তথাপিও তেওঁলোকৰ ওপৰত কাৰো কোনো ধৰণৰ সন্দেহ হোৱা নাছিল।

দৰাচলতে পূজাক অপহৰণ কৰাৰ পিছতে তেওঁক গোৱালৈ লৈ গৈছিল হেৰী আৰু ছোনী ডিছ’জাই। তাৰ পিছত পূজাক এখন বোৰ্ডিং স্কুলত ৰাখিছিল দম্পতীহালে। সন্তানহীন হোৱাৰ বাবেই যদিও পূজাক দম্পতীহালে অপহৰণ কৰি নিজৰ সন্তান কৰি লৈছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ এটা সন্তান জন্মলাভ কৰাত পূজাক বিভিন্ন ধৰণে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে।

বোৰ্ডিং স্কুলৰ পৰা পূজাক পুনৰ মুম্বাইলৈ ওভতাই একপ্ৰকাৰ গৃহবন্দী কৰি শাৰীৰিক-মানসিক নিৰ্যাতন চলাইছিল দম্পতীহালে। কিন্তু শেহতীয়াকৈ দম্পতীহালৰ ঘৰুৱা সহায়িকা প্ৰমিলা দেৱেন্দ্ৰই পূজাক অপহৰণ কৰি ৰখাৰ বিষয়ে জানিব পাৰে।

photo1659944189
৯ বছৰ পূৰ্বে এহাল সন্তানহীন দম্পতীয়ে অপহৰণ কৰিছিল ৭ বছৰীয়া পূজাক, এতিয়া ১৬ বছৰীয়া হৈ পুনৰ উভতি আহিল পৰিয়ালৰ কাষলৈ… 6

তাৰ পিছতে প্ৰমিলাই এই বিষয়ে বন্ধুৰ সহায়ত আৰক্ষীক অৱগত কৰাত অৱশেষত আৰক্ষীয়ে অভিযান চলাই পূজাক সুৰক্ষিতক্ষাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, কথাৰ মাজতে এবাৰ পূজাই প্ৰমিলাৰ আগত কৈছিল তেওঁক অপহৰণ কৰা হৈছে। ইয়াৰ পিছতে প্ৰমিলাই পূজাৰ বিষয়ে সন্ধান চলাই ডিএন নগৰ আৰক্ষীক অৱগত কৰে। আৰু পিছত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে ১৬ বৰ্ষীয় পূজা গৌড়ক।

সুদীৰ্ঘ ৯ বছৰৰ পিছত যোৱা ৫ আগষ্টত পুনৰ নিজৰ পৰিয়ালটোক কাষত পায় পূজা গৌড়ে। আনহাতে ইমান বছৰৰ মূৰত নিজ সন্তানক ওভতাই আনন্দত আত্মহাৰা হৈ পৰিছে পূজাৰ পিতৃ-মাতৃ আৰু ভাতৃ ৰোহিত। স্বাভাৱিকতে পূজাৰ জীৱনৰ সৈতে ঘটা এই ঘটনাই এতিয়া চৰ্চাও লাভ কৰিছে।