অসমীয়াগুৱাহাটী

ভয়ংকৰ! সুৰামত্ত স্কুলবাছ চালকে প্ৰথমে খুন্দা মাৰিলে অইন এখন বাহনত, তাৰ পিছতে মহতিয়াই নিলে পথৰ দাঁতিৰ দোকান

নিউজ ডেস্কঃ মহানগৰীত সুৰামত্ত স্কুল বাছ চালকে সংঘটিত কৰিলে দুৰ্ঘটনা। গুৱাহাটীৰ এখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ স্কুল বাছে সোমবাৰে পুৱা সংঘটিত কৰে দুৰ্ঘটনা। অৱশ্যে সৌভাগ্যক্ৰমে দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো।

জানিব পৰা মতে, গুৱাহাটীৰ গীতানগৰৰ গীতা মন্দিৰৰ সমীপত সোমবাৰে পুৱা দুৰ্ঘটনাত পতিত হয় মাৰিয়াছ পাব্লিক স্কুলৰ এখন স্কুলবাছ। বাছখনে প্ৰথমে এখন বাহনত খুন্দা মৰাৰ পিছতে খুন্দা মাৰে পথৰ দাঁতিৰ এখন দোকানত।

accident gitanagar

স্কুল বাছখনৰ চালকজন সুৰামত্ত হৈ হৈ থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। দুৰ্ঘটনা গ্ৰস্ত বাছখনৰ নম্বৰ হৈছে এএছ ০১জিচি ৪৩৫৮।

ঘটনাৰ পিছতে গীতানগৰ আৰক্ষী উপস্থিত হৈ সুৰামত্ত বাছ চালকক আটক কৰাৰ লগতে জব্দ কৰিছে দুয়োখন বাহন।