অসমীয়াঅসম

আলফা (স্বা)ৰে যোগসূত্ৰ ৰক্ষা কৰি চলাৰ অভিযোগত আটক খোদ আৰক্ষী জোৱান…

নিউজ ডেস্কঃ নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট বা আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰাৰ অপৰাধত বিগত সময়ত ৰাজ্যত গ্ৰেপ্তাৰ কৰা হৈছে কেইবাগৰাকীও যুৱক-যুৱতীক। আলফা স্বাধীনক সমৰ্থন জনাই বৰ্তমানো কাৰাবন্দী হৈয়ে আছে অনেক জন।

ইয়াৰ মাজতে আলফাৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি চলাৰ অভিযোগত এইবাৰ আটক কৰা হ’ল খোদ আৰক্ষী জোৱানক। শুকুৰবাৰে শদিয়াৰ পৰা আৰক্ষীয়ে আটক কৰে জোৱানজনক।

police ulfa

ধৃত আৰক্ষী জোৱানগৰাকীৰ পৰিচয় বসন্ত বুঢ়াগোহাঁই বুলি জানিব পৰা গৈছে। অসম আৰক্ষীৰ ২৫নং বেটেলিয়ানত কৰ্মৰত আছিল বসন্ত।

আৰক্ষীয়ে জোৱানজনক আটক কৰাৰ পিছত বৰ্তমান শদিয়া থানাত সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

আলফা স্বাধীনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত খোদ আৰক্ষী জোৱানৰ আটকৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।