যমৰাজ যেতিয়া ছুটিত থাকে…! এই ভাইৰেল ভিডিঅ’টো দেখিলে বুকু কঁপি উঠিব আপোনাৰো…

নিউজ ডেস্কঃ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’। যি ভিডিঅ’ প্ৰত্যক্ষ কৰি নেট ব্যৱহাৰকাৰীয়ে চলাইছে চৰ্চা- যমৰাজ যেতিয়া ছুটিত থাকে, তেতিয়াই এনে দৃশ্য দেখিবলৈ পোৱা যায়।

সামাজিক মাধ্যমত কোনোৱে আকৌ লিখিছে- ‘ৰাখে হৰি মাৰে কোনে?’

মুঠতে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি চকু থৰ লাগিছে নেট ব্যৱহাৰকাৰীৰ। এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি এনে লাগে, যেন মৃত্যুৰ একেবাৰে দুৱাৰ দলিৰ পৰাহে উভতি আহিছে এজন মানুহ!

দৰাচলতে ভাইৰেল ভিডিঅ’টোত দেখা পোৱা মতে, এজন ব্যক্তি ফুটপাথৰ ওপৰেৰে এখন দোকানৰ ফালে খোজকাঢ়ি আহি আছে।

তেনেতে ফুটপাথটো খহি তলৰ নলাত সোমাই পৰে। এক চেকেণ্ডৰো কম সময়ত সংঘটিত এই ঘটনাটোত অৱশ্যেই অলপো আঘাত নোপোৱাকৈ ৰক্ষা পৰে খোজকাঢ়ি অহা ব্যক্তিজন।

ভিডিঅ’টো চালে এনে লাগে যেন মানুহজন পাৰ হোৱালৈহে যেন বাট চাই আছিল খহি পৰা ফুটপাথটোৱে।

এই শিহৰণকাৰী ভিডিঅ’টো ক’ৰ সেয়া এতিয়াও নিশ্চিত নহ’লেও এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো। ভিডিঅ’টোক লৈ বিভিন্ন জনে ভিন্ন ধৰণেৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।