স্কেটিং কৰি কন্যাকুমাৰীৰ পৰা কাশ্মীৰত উপস্থিত হোৱাৰ সপোন আধৰুৱা হৈ ৰ’ল হাজাছৰ! আদবাটতে দুৰ্ঘটনাই কাঢ়িলে প্ৰাণ

নিউজ ডেস্কঃ স্কেটিং কৰি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কৰা যাত্ৰাৰ আধাতে সামৰণি পৰিল হাজাছ নামৰ এজন যুৱকৰ। ভাৰতৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ৩৫১১ কিলোমিটাৰ দৈৰ্ঘৰ এই যাত্ৰা সম্পূৰ্ণ কৰিব নোৱাৰিলে হাজাছে। নিজৰ যাত্ৰাৰ সময়তে মঙলবাৰে হাৰিয়ানাৰ পঞ্চকুলাত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটে কেৰালাৰ প্ৰকৃতিপ্ৰেমী যুৱকজনৰ।

উল্লেখ্য যে, কেৰালাৰ তিৰুৱনন্তপুৰমৰ ভেঞ্জাৰমুডুৰ পৰা যোৱা ২৯ মে’ত ৩৫১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰা আৰম্ভ কৰিছিল হাজাছে। মঙলবাৰে তেওঁ পঞ্চকুলাৰ পিঞ্জোৰৰ পৰা হিমাচল প্ৰদেশৰ নালাগড়লৈ স্কেটিং কৰি গৈ থকা সময়তে পুৱা ৭.৩০ বজাত পিছফালৰ পৰা এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই থৈ যায় যুৱকজনক।

photo1659589211
স্কেটিং কৰি কন্যাকুমাৰীৰ পৰা কাশ্মীৰত উপস্থিত হোৱাৰ সপোন আধৰুৱা হৈ ৰ’ল হাজাছৰ! আদবাটতে দুৰ্ঘটনাই কাঢ়িলে প্ৰাণ 4

ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা হাজাছক স্থানীয় লোকে নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে কেৰালাৰ যুৱকজনক। যাৰ ফলত স্কেটিং কৰি কন্যাকুমাৰীৰ পৰা কাশ্মীৰত উপস্থিত হোৱাৰ সপোন আধৰুৱা হৈ ৰয় হাজাছৰ।

শেহতীয়াকৈ ৩০ জুলাইত স্থানীয় গাঁৱৰ এটা গোটৰ ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰকাশ কৰা এটা ভিডিঅ’ত হাজাছে কাশ্মীৰলৈ মাত্ৰ আৰু ৬০০ কিলোমিটাৰৰ যাত্ৰা বাকী থকাৰ কথা উল্লেখ কৰিছিল। ভিডিঅ’টোত তেওঁ কৈছিল, ‘কাশ্মীৰ পাবলৈ আৰু ১৫ দিন লাগিব পাৰে। আজিকালি মই দিনটোত মাত্ৰ ৪০ৰ পৰা ৫০ কিলোমিটাৰ স্কেটিং কৰি আছো। এতিয়ালৈকে সকলো সুৰক্ষিত হৈ আছে। ধন্যবাদ সকলোকে।’’

image 33
স্কেটিং কৰি কন্যাকুমাৰীৰ পৰা কাশ্মীৰত উপস্থিত হোৱাৰ সপোন আধৰুৱা হৈ ৰ’ল হাজাছৰ! আদবাটতে দুৰ্ঘটনাই কাঢ়িলে প্ৰাণ 5

হাৰিয়ানা-পঞ্জাৱ সীমান্তৰ পৰা পোষ্ট কৰা ভিডিঅ’টোৰ দুদিন পিছতে পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়ে হাজাছৰ।

স্কেটিঙৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে হাজাছে এই অভিযান আৰম্ভ কৰিছিল। কম্পিউটাৰ বিজ্ঞানত স্নাতক হোৱাৰ পিছত তিৰুৱনন্তপুৰমৰ টেকন’পাৰ্কত এটা আই টি ফাৰ্মৰ সৈতে কাম কৰা হাজাছে তিনি বছৰ পূৰ্বে স্কেটিং ব’ৰ্ড কিনি প্ৰশিক্ষণ আৰম্ভ কৰিছিল।

স্কেটিং ব’ৰ্ডত কন্যাকুমাৰী-কাশ্মীৰ যাত্ৰা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ পৰৱৰ্তী ভূটান, নেপাল আৰু কম্বোডিয়া ভ্ৰমণৰ পৰিকল্পনা কৰিছিল।

image 34
স্কেটিং কৰি কন্যাকুমাৰীৰ পৰা কাশ্মীৰত উপস্থিত হোৱাৰ সপোন আধৰুৱা হৈ ৰ’ল হাজাছৰ! আদবাটতে দুৰ্ঘটনাই কাঢ়িলে প্ৰাণ 6

যদিও তেওঁ নিজৰ স্কেটিং ব’ৰ্ডত দীঘলীয়া যাত্ৰাৰ বাবে নিয়মীয়াকৈ প্ৰশিক্ষণ লৈ আছিল, তথাপিও কাশ্মীৰ ভ্ৰমণ পূৰ্ব পৰিকল্পিত নাছিল। যাত্ৰা আৰম্ভ কৰাৰ মাত্ৰ কেইদিনমান আগতে হাজাছে ভ্ৰমণৰ বিষয়ে পৰিয়াল আৰু বন্ধু-বান্ধৱীক অৱগত কৰিছিল। দুযোৰ কাপোৰ, এযোৰ জোতা আৰু হেলমেটৰ বাহিৰে আন কোনো লাগেজ তেওঁ কঢ়িয়াই নিয়া নাছিল।

যাত্ৰাৰ প্ৰাৰম্ভিক দিনবোৰত হাজাছে দিনটোত ১০০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিছিল। পিছত বন্ধু-বান্ধৱীৰ পৰামৰ্শ মানি তেওঁ এদিনতে অতিক্ৰম কৰা দূৰত্ব কমাই দিয়ে। স্নাতক হাজাছৰ সমৰ্থন আছিল চৌদি আৰৱত কৰ্মৰত পিতৃ আলিয়াৰকুঞ্জী আৰু মাতৃ শৈলা বীভি।

হাজাছৰ মৃত্যু সন্দৰ্ভত বুধবাৰে হাৰিয়ানা আৰক্ষীয়ে অৱগত কৰে তেওঁৰ পৰিয়ালক। আৰক্ষীয়ে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো পৰিয়ালটোক চমজাই দিয়া হয়। পিঞ্জোৰ আৰক্ষীয়ে আই পি চিৰ ৩০৪ এ আৰু ২৭৯ ধাৰাত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।