মৰ্মান্তিক! কামৰ অন্তত হোটেলত বহি খাদ্য খাই থকাৰ সময়তে মহতিয়াই লৈ গ’ল ট্ৰাকে, ৮ শ্ৰমিকৰ মৃত্যু

নিউজ ডেস্কঃ দিনটোৰ কামৰ অন্তত সন্ধিয়া ঘাইপথৰ দাঁতিৰ এখন হোটেলেত আহাৰ গ্ৰহণ কৰি আছিল কেইবাগৰাকীও শ্ৰমিকো। আৰু তেতিয়াই নিয়ন্ত্ৰণ হেৰুৱাই এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই ফলত প্ৰাণ হেৰুৱায় ৮জনকৈ লোকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে বিহাৰৰ বৈশালী জিলাত।

জানিব পৰা মতে, বৈশালী জিলাৰ পাটেপুৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। একাংশ শ্ৰমিকে সন্ধিয়া কামৰ অন্তত পাটেপুৰ থানা এলেকাৰ বহুৱাৰা চ’কৰ মহুৱা-তাজপুৰ ৪৯ নং ৰাজ্যিক ঘাইপথৰ দাঁতিত অৱস্থিত এখন লাইন হোটেলত বহি খাদ্য খাই থকা সময়তে এখন দ্ৰুতবেগী ট্ৰাকে লাইন হোটেলখন মহতিয়াই নিয়ে।

image 32
মৰ্মান্তিক! কামৰ অন্তত হোটেলত বহি খাদ্য খাই থকাৰ সময়তে মহতিয়াই লৈ গ’ল ট্ৰাকে, ৮ শ্ৰমিকৰ মৃত্যু 3

এই দুৰ্ঘটনাত ৮ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন ১০ জনৰো অধিক লোক। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত হোটেলখনত প্ৰায় অৰ্ধ শতাধিক লোকে খাদ্য গ্ৰহণ কৰি আছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনে লাইন হোটেলখনত খুন্দা মৰাৰ পূৰ্বে এখন ই-ৰিক্সা আৰু এখন অটো ৰিক্সাও মহতিয়াই নিয়ে। তাৰ পিছতে নিয়ন্ত্ৰণহীনভাৱে খুন্দা মাৰে হোটেলখনত বহি আহাৰ গ্ৰহণ কৰি থকা লোকসকলক।

image 31
মৰ্মান্তিক! কামৰ অন্তত হোটেলত বহি খাদ্য খাই থকাৰ সময়তে মহতিয়াই লৈ গ’ল ট্ৰাকে, ৮ শ্ৰমিকৰ মৃত্যু 4

দুৰ্ঘটনাত আহত লোকসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি সদৰ হাস্পতাললৈ প্ৰেৰণ কৰে। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকে ট্ৰাকখনৰ চালকজনক কৰায়ত্ব কৰি উত্তম মাধ্যম শোধাই পিছত আৰক্ষীৰ হাতত চমজাই দিয়ে।

অন্যহাতে পৰৱৰ্তী সময়ত বিজেপিৰ স্থানীয় বিধায়ক লখেন্দৰ কুমাৰ ৰোষণ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিহত সকলৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস দিয়ে।