সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৃহৎ সফলতা! অল কায়দাৰ কুখ্যাত সন্ত্ৰাসবাদী অল জাৱাহিৰীক হত্যা…

ওছামা বিন লাডেনৰ মৃত্যুৰ পিছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আন এক বৃহৎ সফলতা।

অলকায়দাৰ নেতা আয়মান আল-জাৱাহিৰীৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোন আক্ৰমণত নিহত হোৱাৰ খবৰ পোৱা গৈছে।

উল্লেখ্য যে, লাডেনৰ পাছতেই আমেৰিকাৰ লক্ষ্য আছিল জাৱাহিৰী।

ৰাষ্ট্ৰপতি জ’ বিডেনে সোমবাৰে হোৱাইট হাউচৰ এক ভাষণত সদৰি কৰা অনুসৰি আফগানিস্তানৰ কাবুলত এক ড্ৰোনৰ আক্ৰমনত মৃত্যু হয় সন্ত্ৰাসবাদী গৰাকীৰ।

জাবাহিৰী এজন শল্য চিকিৎসক আছিল। তেওঁ পিছলৈ বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সকলৰ মাজৰ এজন হৈ পৰিছিল।

২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত হোৱা আক্ৰমণৰ মূল সূত্ৰধাৰ হিচাপেও তেওঁক গণ্য কৰা হৈছিল। সেই সন্ত্ৰাসবাদী ঘটনাত প্ৰায় ৩,০০০ লোক নিহত হৈছিল।

জাৱাহিৰীৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰই ২৫ নিযুত ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

উল্লেখ্য যে, ২০১১ চনত ওছামা বিন লাডেনক নিধন কৰাৰ পিছত, এইবাৰ জাৱাহিৰীৰ মৃত্যু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন এক ডাঙৰ সফলতা হিচাপে পৰিগণিত হৈছে।