অসম চৰকাৰে লোকসেৱা বঁটা ঘোষণা।
মুখ্য সচিব জিষ্ণু বৰুৱালৈ আগবঢ়োৱা হৈছে লোকসেৱা বঁটা।
অসমৰ ১০ গৰাকী ৰাজ্যিক পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীলৈ আগবঢ়োৱা হৈছে এই বঁটা।
জিলা পৰ্যায়ৰ ৮৯ জনলৈ কৰ্মদক্ষতাৰ ভিত্তিত এই বঁটা। ইয়াত তৃতীয়-চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীও আছে।
বঁটা প্ৰাপক সকলক অসম চৰকাৰৰ তৰফৰ পৰা ২৫ হাজাৰ টকাৰ লগতে মানপত্ৰও প্ৰদান কৰা হ’ব।
অহা ৫ আগষ্টত অনুষ্ঠিত হ’ব বঁটা প্ৰদান অনুষ্ঠান।
লোক কল্যান দিৱসৰ লগত সংগতি ৰাখি আগবঢ়োৱা হৈছে এই বঁটা।
বঁটা প্ৰাপক সকলৰ অৱসৰৰ কাৰ্যকাল ১ বছৰলৈ বৃদ্ধি কৰা হ’ব।