বিবাহ পাশত আৱদ্ধ হ’বলৈ ঘৰৰ পৰা পলাই আহিছিল প্ৰেমিক-প্ৰেমিকা! ট্ৰাকৰ প্ৰচণ্ড খুন্দাত প্ৰাণ হেৰুৱালে দুয়োজনে

নিউজ ডেস্কঃ ভালপোৱা গভীৰ আছিল। কিন্তু সেই ভালপোৱাত সন্মতি নাছিল পৰিয়ালৰ। সেয়েহে ঘৰৰ পৰা আঁতৰি গোপনে একলগ হোৱাৰ সিদ্ধান্ত লৈছিল প্ৰেমিক-প্ৰেমিকা দুয়োজনে। কিন্তু নিয়তিৰ সন্মতি অবিহনে যেন সেয়াও সম্ভৱ হৈ নুঠিল!

ঘৰৰ পৰা পলাই বিবাহ পাশত আৱদ্ধ হ’বলৈ যাওতেই এক ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ পৰিসমাপ্তি ঘটিল প্ৰেমিক-প্ৰেমিকাৰ। এই শোকাবহ ঘটনাই এতিয়া ম্ৰিয়মান কৰি তুলিছে সমগ্ৰ উত্তৰ প্ৰদেশ।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ মদিয়াহুন কোতৱালীৰ নাদিয়াভ (মাধৈয়া) গাঁৱৰ ৰবি পাণ্ডে নামৰ ২৪ বৰ্ষীয় যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক আছিল একেখন গাঁৱৰে এগৰাকী যুৱতীৰ সৈতে।

image 3
বিবাহ পাশত আৱদ্ধ হ’বলৈ ঘৰৰ পৰা পলাই আহিছিল প্ৰেমিক-প্ৰেমিকা! ট্ৰাকৰ প্ৰচণ্ড খুন্দাত প্ৰাণ হেৰুৱালে দুয়োজনে 3

ঘৰৰ অসন্মতিৰ বাবে গোপনে বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈ শনিবাৰে মাজনিশা ঘৰৰ পৰা ওলাই আহিছিল প্ৰেমিক-প্ৰেমিকা দুয়োজন।

প্ৰেমিক-প্ৰেমিকাহালে বাইকেৰে গৈ থকা সময়তে দেওবাৰে পুৱা প্ৰায় ৪.৩০ বজাত মচলিচহৰ-প্ৰয়াগৰাজ-ৰায়বৰেলী পথৰ কোঁৱৰপুৰ টোল প্লাজাৰ সমীপত এখন তীব্ৰবেগী ট্ৰাকে সন্মুখৰ পৰা খুন্দা মাৰে দুয়োকে। যাৰ ফলত ঘটনাস্থলীতে মৃত্যুমুখত পৰে যুৱক-যুৱতীহাল।

এই ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ডৰ জৰিয়তে মৃতদেহ দুটা চিনাক্ত কৰি দুয়োজনৰ পৰিয়ালক খবৰ দিয়াত ঘটনাস্থলীত তেওঁলোকৰ পৰিয়াল উপস্থিত হয়।

photo1659337130
বিবাহ পাশত আৱদ্ধ হ’বলৈ ঘৰৰ পৰা পলাই আহিছিল প্ৰেমিক-প্ৰেমিকা! ট্ৰাকৰ প্ৰচণ্ড খুন্দাত প্ৰাণ হেৰুৱালে দুয়োজনে 4

ৰবি পাণ্ডেৰ পিতৃয়ে জানিবলৈ দিয়া মতে, শনিবাৰে নিশা পৰিয়ালৰ সকলো সদস্য শুই থকা সময়তে যুৱকজনে তেওঁৰ বাইকখন লৈ ঘৰৰ পৰা গোপনে ওলাই আহিছিল। তাৰ পিছতে চুবুৰীয়া প্ৰেমিকাক লগত লৈ দুয়ো বিবাশ পাশত আৱদ্ধ হ’বলৈ বুলি গুচি আহিছিল।

কিন্তু গন্তব্যস্থান গৈ পোৱাৰ পূৰ্বেই ট্ৰাকৰ প্ৰচণ্ড খুন্দাত মৃত্যু ঘটে প্ৰেমিক-প্ৰেমিকাহালৰ।