মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা।
নিশা ২ বজাত পল্টনবজাৰৰ সুমিয়া হোটেলৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা।
পল্টন বজাৰ আৰক্ষীয়ে জব্দ কৰিছে গাঞ্জাখিনি।
পল্টন বজাৰৰ সুমিয়া হোটেলৰ ২০৪ আৰু ২০৬নং কোঠাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৩৬ কেজি গাঞ্জা।
লগতে গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে মহিলাসহ কেইবাজনো লোকক।
আটকধীনলোক কেইজন ক্ৰমে চফিকুল বাচা, চাহিদা খাতুন, মুনিৰ হুছেইন, আনোৱাৰ হুছেইন আৰু ৰাকেশ দেৱনাথ।
আটাইকেইজন ত্ৰিপুৰাৰ ছিপাইজালা জিলাৰ সোনামোৰা আৰক্ষী থানাৰ অন্তৰ্গত চুবাপুৰ গাঁৱৰ।









