নিউজ ডেস্ক। পুনৰ ৰাজনৈতিক নেতাৰ হত্যাই কঁপাই গ’ল পঞ্জাব।
এইবাৰ শাসনাধিষ্ঠিত আম আদমি পাৰ্টীৰ নিৰ্বাচিত কাউন্সিলাৰক জিমৰ ভিতৰতে শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা দুৰ্বৃত্তৰ।
দেওবাৰে পুৱা পঞ্জাৱৰ মালেৰকোটলাত আম আদমি পাৰ্টিৰ কাউন্সিলাৰ আকবৰ ভোলীক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই।

পুৱা প্ৰায় ৮ বজাত আকবৰ ভোলীক জিমত থকা অৱস্থাত দুজন অচিনাক্ত লোকে গুলীয়াই হত্যা কৰে।
অপৰাধ সংঘটিত কৰাৰ পিছত দুয়োজন ব্যক্তি কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে তিনি বছৰ পূৰ্বে আকবৰ ভোলী ডাঙৰ ভাতৃক গুলীয়াই হত্যা কৰা হৈছিল।
CCTV footage of Aam Aadmi Party Municipal Councilor Akbar Bholi who was shot dead today in the gym. https://t.co/XYOUeQhRzT pic.twitter.com/46MRgEGFKc
— Gagandeep Singh (@Gagan4344) July 31, 2022
নেতাজনক হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ইফালে আৰক্ষীৰ দলৰ সৈতে জ্যেষ্ঠ আৰক্ষী বিষয়াই সেই স্থানত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
উল্লেখ্য যে এই সমগ্ৰ ঘটনা জিমৰ চিচিটিভি কেমেৰাত আবদ্ধ হৈছে আৰু আৰক্ষী বিভাগে তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে।









