শোকাবহ! মুম্বাইত কৰ্তব্যৰত অৱস্থাতে অসুস্থ হৈ মৃত্যু অসমীয়া চিআৰপিএফ জোৱানৰ

নিউজ ডেস্কঃ মুম্বাইত কৰ্তব্যৰত অৱস্থাত হঠাৎ অসুস্থ হৈ শেষ নিশ্বাস ত্যাগ কৰে অসমৰ এগৰাকী চিআৰপিএফ জোৱানে। কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে সোমবাৰে পুৱতি নিশা হঠাৎ অসুস্থ হৈ পৰাত মণ্টু কুমাৰ নামৰ জোৱানজনক মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পুৱা তেও শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে, ৰঙিয়া মহকুমাৰ কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত বালিসত্র নিবাসী প্ৰয়াত ধাৰেশ্বৰ কুমাৰ আৰু প্ৰয়াত সৰলা কুমাৰৰ তৃতীয় পুত্ৰ মণ্টু কুমাৰে ২০০৩ চনত চিআৰপিএফত জোৱান হিচাপে যোগদান কৰিছিল। এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হিচাপেও পৰিচিত আছিল মণ্টু কুমাৰ।

photo1658900986 1
শোকাবহ! মুম্বাইত কৰ্তব্যৰত অৱস্থাতে অসুস্থ হৈ মৃত্যু অসমীয়া চিআৰপিএফ জোৱানৰ 2

শেহতীয়াকৈ তেওঁ কৰ্তব্যৰত আছিল মুম্বাইত। কিন্তু বিগত কিছু সময় ধৰি বৃক্ক জনিত ৰোগত আক্ৰান্ত হৈ থকা জোৱান গৰাকী সোমবাৰে পুৱতি নিশা কৰ্তব্যস্থলীতে অসুস্থ হৈ পৰে। পিছত তেওঁক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পুৱা ৮.১৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

জানিব পৰা মতে, অহা ৭ আগষ্টত তেওঁ অৰুণাচললৈ বদলি হোৱাৰ কথা আছিল। সেই সময়তে একমাত্ৰ কন্যাৰ স্বাস্থ্য পৰীক্ষা কৰাৰো পৰিকল্পনা কৰিছিল মণ্টু কুমাৰে। কিন্তু বদলি হোৱাৰ পূৰ্বেই এনেদৰে চিৰবিদায় লোৱাত শোকত ভাগি পৰিছে মণ্টু কুমাৰৰ পৰিয়াল তথা অঞ্চলবাসী।

সোমবাৰে নিশা তেওঁৰ নশ্বৰদেহ বালিসত্ৰৰ নিজ গৃহলৈ অনাত অসংখ্য লোকে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্রদ্ধা জনায়। ভাৰতীয় জনতা পার্টিয়ে জোৱানগৰাকীৰ নশ্বৰদেহত দলীয় পতাকা দি শেষ শ্রদ্ধা জনায়।