মটৰ চাইকেল চুৰিত নামিল এনডিএফবি (স)ৰ প্রাক্তন কেডাৰ! ১০খন চুৰি বাইকসহ গ্ৰেপ্তাৰ ৭ জনক

নিউজ ডেস্কঃ মটৰ চাইকেল চুৰিৰে শোণিতপুৰত সন্ত্ৰাস চলাই অহা এটা মটৰ চাইকেল চুৰি দলৰ ৭ জনকৈ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

গোপন খবৰৰ ভিত্তিত শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই এনডিএফবিৰ সংবিজিত গোটৰ এজন প্ৰাক্তন কেডাৰসহ ৭ জন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে বিভিন্ন স্থানত লুকুৱাই ৰখা ১০ খন চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ধৃত চোৰ কেইজনক ক্ৰমে- ওদালগুৰি ৰূপনগৰৰ জিতু দাস, ঢেকিয়াজুলি জানপুৰৰ লুকাছ নাৰ্জাৰী, নগাঁও বঢ়মপুৰৰ ৰাজু শ‍ইকীয়া, তেজপুৰৰ দিহিঙীয়া কলিতা গাঁৱৰ ভাস্কৰ কলিতা, ৰঙাপৰা বিষ্ণুপুৰৰ নিজৰাম বসুমতাৰী, ঠেলামৰা গৰুডোবাৰ মহম্মদ খলিলুট উদ্দিন আৰু দক্ষিণ চিক্কিমৰ নামচিৰ প্ৰদীপ টামাক বুলি জানিব পৰা গৈছে।

photo1658901198
মটৰ চাইকেল চুৰিত নামিল এনডিএফবি (স)ৰ প্রাক্তন কেডাৰ! ১০খন চুৰি বাইকসহ গ্ৰেপ্তাৰ ৭ জনক 3

জানিব পৰা মতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঢেকিয়াজুলিৰ জানপুৰৰ লুকাছ নাৰ্জাৰী হৈছে নিষিদ্ধ ঘোষিত সংগঠন এনডিএফবিৰ সংবিজিত গোটৰ এজন প্ৰাক্তন কেডাৰ। সংগঠনৰ পৰা আত্মসমৰ্পনৰ পিছত বাইক চুৰিত জড়িত হৈ পৰিছিল লুকাছ নাৰ্জাৰী।

এই বিষয়ে তথ্য লাভ কৰি আৰক্ষীয়ে লুকাছ নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে শোণিতপুৰত সন্ত্ৰাস চলাই অহা বৃহৎ বাইক চুৰিৰ দলটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে সদৰী কৰা মতে, এই যুৱক কেইজনে আন আন জিলাৰ পৰা আহি শোণিতপুৰত দীৰ্ঘদিনৰ পৰা মটৰ চাইকেল চুৰি কাণ্ড সংঘটিত কৰি আহিছিল। শেহতীয়াকৈ এই চোৰৰ দলটোৱে কেৱল শোণিতপুৰতে চুৰি কৰিছিল ১০ খনকৈ মটৰ চাইকেল।

photo1658901187
মটৰ চাইকেল চুৰিত নামিল এনডিএফবি (স)ৰ প্রাক্তন কেডাৰ! ১০খন চুৰি বাইকসহ গ্ৰেপ্তাৰ ৭ জনক 4

উল্লেখ্য যে, প্ৰায় ১০ দিন পূৰ্বে তেজপুৰৰ পৰা একেদিনাই চুৰি হৈছিল ৩ খনকৈ বাইক। এই চুৰি কাণ্ডৰ পিছতে অনুসন্ধানত নামি অৱশেষত চোৰৰ বৃহৎ দলটো ধৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আৰক্ষীয়ে চোৰৰ গেংটোৰ পৰা দুখন পালচাৰ বাইকৰ লগতে স্কুটী উদ্ধাৰ কৰে।

ইতিমধ্যে মটৰচাইকেল চোৰৰ দলটোক তেজপুৰস্থিত সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰা হয় আৰু আদালতে দলটোক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে।