ফেচবুকৰ জৰিয়তে প্ৰেম, প্ৰেয়সীৰ সৈতে ঠিক হ’ল বিয়া! বিয়াৰ এসপ্তাহ পূৰ্বে জিতুলৰ সৈতে সংঘটিত হ’ল এই অঘটন…

নিউজ ডেস্কঃ ডেৰ বছৰ পূৰ্বে সামাজিক মাধ্যম ফেচবুকত পৰিচয় ঘটিছিল যুৱতীগৰাকীৰ সৈতে।

দেখাই-শুনাই ধুনীয়া ছোৱালীজনীক ফটোত দেখিয়েই প্ৰেমত পৰিছিল জিতুল।

দুৰ্বাৰ প্ৰেমিক জিতুলৰ ঘৰ গহপুৰৰ ডুবিয়াবৰী গাঁৱত। প্ৰেয়সীৰ ঘৰ শিৱসাগৰ জিলাৰ খনামুখ সোতৰহাবিত। নাম- প্ৰণামী গগৈ।

ডেৰ বছৰ ধৰি তেওঁলোকৰ মাজত প্ৰেম চলিল। তাৰ পিছতে এদিন ঘৰলৈ প্ৰণামীক পলুৱাই লৈ আহিল জিতুল ৰাজখোৱাই।

photo1658820005
ফেচবুকৰ জৰিয়তে প্ৰেম, প্ৰেয়সীৰ সৈতে ঠিক হ’ল বিয়া! বিয়াৰ এসপ্তাহ পূৰ্বে জিতুলৰ সৈতে সংঘটিত হ’ল এই অঘটন… 4

প্ৰথমে কিছু আপত্তি কৰিছিল জিতুলৰ পৰিয়ালে। কিন্তু ল’ৰাই ছোৱালী আনিছেই যেতিয়া ঘৰলৈ ওভতাই পঠিওৱাটো উচিত নহয়।

সেয়ে দিন বাৰ ঠিক কৰি আৰম্ভ হ’ল জিতুল-প্ৰণামীৰ বিয়াৰ প্ৰস্তুতি।

কইনাৰ ডিঙি, হাত শুৱনি কৰিবলৈ গঢ়া হ’ল সোণৰ গহনা।

ইটো সিটোকৈ সকলো যা-যোগাৰ সম্পন্ন কৰা হ’ল। বিয়ালৈ আৰু বেছিদিন নাই।

অহা ৩১ জুলাই, অৰ্থাৎ দেওবাৰেই সমাজক সাক্ষী কৰি বিয়াত বহাৰ কথা আছিল জিতুল আৰু প্ৰণামীয়ে।

photo1658820016
ফেচবুকৰ জৰিয়তে প্ৰেম, প্ৰেয়সীৰ সৈতে ঠিক হ’ল বিয়া! বিয়াৰ এসপ্তাহ পূৰ্বে জিতুলৰ সৈতে সংঘটিত হ’ল এই অঘটন… 5

বিয়া বুলি আগতীয়াকৈয়ে জিতুলৰ ঘৰলৈ আহিছিল প্ৰণামীৰ ভগ্নীও। কিন্তু বিয়াৰ প্ৰস্তুতি তুংগত উঠাৰ সময়তে ঘটিল এক অঘটন। যাৰ বাবে এতিয়া মূৰে-কপালে হাত দিছে জিতুল আৰু পৰিয়ালে।

p4 2
ফেচবুকৰ জৰিয়তে প্ৰেম, প্ৰেয়সীৰ সৈতে ঠিক হ’ল বিয়া! বিয়াৰ এসপ্তাহ পূৰ্বে জিতুলৰ সৈতে সংঘটিত হ’ল এই অঘটন… 6

বিয়ালৈ মাজত আৰু এটা সপ্তাহ বাকী থকা সময়তে সোমবাৰে নিশা ঘৰৰ পৰা উধাও হ’ল জিতুলৰ হ’বলগীয়া পত্নী আৰু খুলশালী।

লগত লৈ গ’ল বিয়ালৈ বুলি কিনি থোৱা পাট-মুগাৰ মেখেলা চাদৰ, গঢ়াই থোৱা সোণৰ গহনা আৰু নগদ ১৫ হাজাৰ টকাৰ লগতে এটা মোবাইল ফোন।

ডেৰ বছৰীয়া প্ৰেমৰ পৰিণাম এনেদৰে লাভ কৰি মূৰে-কপালে হাত দিছে জিতুল ৰাজখোৱাই।

জিতুলে অভিযােগ কৰা অনুসৰি, নিশা তেওঁৰ পৰিয়ালৰ লােকক অচেতন কৰি এই চুৰিকাণ্ড সংঘটিত কৰে ভাৱী পত্নীয়ে।

প্ৰেয়সীৰ পলায়নৰ পিছত এতিয়া থানাত এখন এজাহাৰ দাখিল কৰিছে জিতুল আৰু তেওঁৰ পৰিয়ালে।

প্ৰেমৰ জালত পেলাই এনেদৰে এগৰাকী যুৱতীয়ে প্ৰৱঞ্চনা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।