‘বুলেট গাৰ্ল’ ডেইজী! ৰয়েল এনফিল্ড বাইকত গাখীৰ বিক্ৰী কৰি আনৰ বাবেও আদৰ্শ হৈ পৰিছে এগৰাকী ছাত্ৰী

নিউজ ডেস্কঃ বুলেট চলাই গাখীৰ বিক্ৰী কৰা এগৰাকী ছাত্ৰী এতিয়া হৈ পৰিছে আন দহজনৰ বাবেও আদৰ্শ। উচ্চ শিক্ষা গ্ৰহণৰ সমান্তৰালভাৱে ঘৰত উৎপাদিত গাখীৰ বিক্ৰী কৰি স্বনিৰ্ভৰশীলতাৰ এক অনন্য উপমা দাঙি ধৰিছে ছাত্ৰীগৰাকীয়ে। যাৰ বাবে এতিয়া তেওঁ অঞ্চলটোত পৰিচিত হৈ পৰিছে ‘বুলেট গাৰ্ল’ স্বৰূপে।

photo1658738038 1
'বুলেট গাৰ্ল’ ডেইজী! ৰয়েল এনফিল্ড বাইকত গাখীৰ বিক্ৰী কৰি আনৰ বাবেও আদৰ্শ হৈ পৰিছে এগৰাকী ছাত্ৰী 3

কামৰুপ জিলাৰ বকোৰ বনীয়াভিঠা গাঁৱত ঘৰ ডেইজী দৈমাৰীৰ। ডেইজীৰ পিতৃ অখিল দৈমাৰী এগৰাকী গো পালক। সেয়েহে ঘৰৰ গো-ফাৰ্মত উৎপাদিত গাখীৰ বিক্ৰীৰ দায়িত্ব হাতত লৈ আহিছে ডেইজীয়ে।

পুৱা ডেইজীয়ে কলেজলৈ যোৱাৰ পূৰ্বে পিতৃৰ ৰয়েল এনফিল্ড বাইকখনত লৈ অঞ্চলটোত বিক্ৰী কৰে ৮০-১০০ লিটাৰ গাখীৰ।

photo1658738038 3
'বুলেট গাৰ্ল’ ডেইজী! ৰয়েল এনফিল্ড বাইকত গাখীৰ বিক্ৰী কৰি আনৰ বাবেও আদৰ্শ হৈ পৰিছে এগৰাকী ছাত্ৰী 4

বৰ্তমান স্নাতক প্ৰথম ষাণ্মাসিকত অধ্যয়নৰত ডেইজী। শিক্ষা লাভৰ সমান্তৰালভাৱে তেওঁ পিতৃ-মাতৃৰ দুগ্ধ উৎপাদনৰ ব্যৱসায়তো সমানেই সহায় কৰি আহিছে। ভৱিষ্যতে স্বনিৰ্ভৰশীল হোৱাৰ ইচ্ছা ব্যক্ত কৰে ডেইজীয়ে।

এই ছাত্ৰীগৰাকীৰ কৰ্তব্য নিষ্ঠা আৰু কৰ্মস্পৃহাই এতিয়া মন জয় কৰিছে আন বহুজনৰো। বকো অঞ্চলত ডেইজীক আদৰ্শ হিচাপে লৈ এতিয়া আন বহু যুৱক-যুৱতীয়ে স্বনিৰ্ভৰশীল হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে।