নিউজ ডেস্কঃ সেই সময়ত ছোৱালীজনীৰ বয়স আছিল মাত্ৰ ১০ মাহ।
ইমান কম বয়সতে ছোৱালীজনীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে এটা ভয়ংকৰ দুৰ্ঘটনাই।
সেই দুৰ্ঘটনাৰ ফলতেই ৯০ ডিগ্ৰী বেঁকা হৈ পৰে ১০ মহীয়া কণমানিটিৰ।
তাৰ পিছত যোৱা ১২ বছৰে বেঁকা ডিঙিটোৰ সৈতে এক দুৰ্বিসহ জীৱন পাৰ কৰিবলগীয়া হয় আফচিন নামৰ কনমানিটিয়ে।
আফচিনৰ ঘৰ পাকিস্তানৰ সিন্ধু প্ৰদেশত।
১০ মাহ বয়সতে এক পথ দুৰ্ঘটনাত তেওঁৰ ভগ্নীৰ কোলাৰ পৰা বাগৰি পৰি ডিঙিটো প্ৰায় ৯০ ডিগ্ৰী বেঁকা হৈ যায়।
চিকিৎসাৰ পাছতো একো সুফল নোপোৱাৰ সময়তে, তেওঁৰ চেৰিব্ৰেল পালচি নামৰ এটা বিৰল ৰোগ ধৰা পৰে।
চিকিৎসাৰ ব্যয় যথেষ্ট বেছি হোৱাৰ বাবে আফচিনৰ পৰিয়ালে এই খৰচ বহন কৰাত ব্যৰ্থ হয়।
সেই সময়তে যেন ভগৱানৰ সু দৃষ্টি পৰিল আফচিনৰ ওপৰত।
যোৱা বছৰ মাৰ্চ মাহত ভাৰতীয় চিকিৎসক ৰাজাগোপালন কৃষ্ণন সীমান্তত উপস্থিত হোৱাৰ সময়তে আফচিনক দেখা পায় আৰু বিনামূলীয়াকৈ আফচিনৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰে।
ইয়াৰ পিছতে দিল্লীৰ এপ’লো হাস্পতালত সফলতাৰে সম্পন্ন কৰা হয় আফচিনৰ ডিঙিৰ অস্ত্ৰোপচাৰ।
উল্লেখযোগ্য যে আফচিনৰ যাতায়তৰ সকলো খৰচ এটা অনলাইন পুঁজি সংগ্ৰহকাৰী দলে বহন কৰিছিল।
পৰিয়ালৰ সকলোৱে এতিয়া আফচিনক সম্পূৰ্ণ সুস্থ ৰূপত দেখি সুখী অনুভৱ কৰিছে। আফচিনৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ হ’বলৈ প্ৰায় ৬ ঘণ্টা সময় লাগিছিল।
চিকিৎসকৰ দলটোৱে অতি দক্ষতাৰে সৈতে এই জটিল অস্ত্ৰোপচাৰ সফল কৰি তোলে।
অৱশ্যে ডাঃ ৰাজাগোপালনে জনোৱা মতে আফচিনে এতিয়াও নিয়মীয়া পৰীক্ষা অব্যাহত ৰাখিব লাগিব।
দূৰত্বৰ বাবে, তেওঁ ভিডিঅ’ কলৰ জৰিয়তে প্ৰতি সপ্তাহত এই সৰু ছোৱালীজনীৰ খবৰ ৰখাৰ সিদ্ধান্ত লৈছে।
তথাপিও আফচিনৰ মুখৰ হাঁহিটোৱে দীঘলীয়া জীৱনৰ বেদনাৰ পৰা পৰিত্ৰাণ পোৱাত কিমান সকাহ পাইছে তাকে প্ৰতিফলন ঘটাইছে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
‘আজি মই অতি দুখেৰে জনাওঁ যে…’ হঠাতে সামাজিক মাধ্যমত কাৰ বিৰুদ্ধে সৰৱ অসম গৌৰৱ লাভলীনা?