বৰক্ষেত্ৰীত নিশা মাতৃৰ বুকুৰ মাজৰ পৰা সন্ধানহীন হোৱা দেৱশিশু উদ্ধাৰ ঘগ্ৰাপাৰত, ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

নিউজ ডেস্কঃ দুদিন পূৰ্বে মাতৃৰ বুকুৰ মাজৰ পৰা নিশা সন্ধানহীন হৈছিল নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ভাংনামাৰীৰ ছৈয়দ আলী চৰৰ তাহাৰ আলীৰ কণমানি পুত্ৰ।

নিশা মাতৃৰ সৈতে শুই থকা অৱস্থাতে ৪-৫ মহীয়া দেৱশিশুটো সন্ধানহীন হোৱাৰ ঘটনাই সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ।

শিশুটিৰ সন্ধানত পৰিয়াল আৰু আৰক্ষীয়ে বিচাৰ-খোচাৰ চলাই থকাৰ সময়তে দেওবাৰে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ নিচেই সমীপত ৰহস্যজনকভাৱে উদ্ধাৰ হয় দেৱশিশুটি।

child 1
বৰক্ষেত্ৰীত নিশা মাতৃৰ বুকুৰ মাজৰ পৰা সন্ধানহীন হোৱা দেৱশিশু উদ্ধাৰ ঘগ্ৰাপাৰত, ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য 5

থানাৰ কাষৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ জংঘলত দেওবাৰে উদ্ধাৰ হয় ৪-৫ মহীয়া শিশুটি। ইয়াৰ পিছতে ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, ঘগ্ৰাপাৰ নিৱাসী নাচিকুৰ ৰহমানে ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা সময়ত ঘাইপথৰ দাঁতিৰ ঝাৰণিৰ পৰা কেঁচুৱাৰ কান্দোন শুনিবলৈ পায়।

তাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ এখন প্লাষ্টিকৰ মোনাৰ ভিতৰত দেৱশিশুটি প্ৰত্যক্ষ কৰে।

child 2
বৰক্ষেত্ৰীত নিশা মাতৃৰ বুকুৰ মাজৰ পৰা সন্ধানহীন হোৱা দেৱশিশু উদ্ধাৰ ঘগ্ৰাপাৰত, ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য 6

ইয়াৰ পিছতে ঘগ্ৰাপাৰ আৰক্ষীয়ে শিশুটি উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ঘগ্ৰাপাৰ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক হস্পিতাললৈ প্ৰেৰণ কৰে।

বৰ্তমান শিশুটি সুস্থ বুলি জানিব পৰা গৈছে।

child 3
বৰক্ষেত্ৰীত নিশা মাতৃৰ বুকুৰ মাজৰ পৰা সন্ধানহীন হোৱা দেৱশিশু উদ্ধাৰ ঘগ্ৰাপাৰত, ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য 7

কিন্তু বৰক্ষেত্ৰীৰ পৰা নিশা সন্ধানহীন হোৱা শিশুটি ঘগ্ৰাপাৰত এনেদৰে উদ্ধাৰ হোৱাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।

শিশুটি দুৰ্বৃত্তই কি উদ্দেশ্যৰে অ্পহৰণ কৰিছিল আৰু কিয় এনেকৈ থানাৰ সমীপত পেলাই থৈ গ’ল তাল লৈ সৃষ্টি হৈছে ৰহস্যৰ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও দেৱশিশুটিৰ অপহৰণকাৰীৰ কোনো সম্ভেদ লাভ উলিয়াব পৰা নাই।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

সাপ্তাহিক ৰাশিফল
বৰক্ষেত্ৰীত নিশা মাতৃৰ বুকুৰ মাজৰ পৰা সন্ধানহীন হোৱা দেৱশিশু উদ্ধাৰ ঘগ্ৰাপাৰত, ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য 8