অসম

পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই, বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত জয় কৰিলে ৰূপৰ পদক…

১৯ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত নীৰজ চোপ্ৰাই ৰচিলে ইতিহাস।

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত নীৰজে লাভ কৰিলে ৰূপৰ পদক।

আমেৰিকাৰ য়ুজিনত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত ৮৮.১৩ মিটাৰ জেভলিন থ্ৰ’ কৰি নীৰজে আঁজুৰি আনিলে ৰূপৰ পদক।

image 243

ইয়াৰ লগে লগে বিশ্ব প্ৰতিযোগিতাখনত পদক লাভ কৰা দেশৰ প্ৰথমগৰাকী পুৰুষ জেভলিন থ্ৰোৱাৰ হিচাপে পৰিগণিত হৈ পৰিল নীৰজ।

এণ্ডাৰ পিটাৰ্ছে ফাইনেলত ৯০.৪৬ মিটাৰৰ শ্ৰেষ্ঠ থ্ৰ’ৰে স্বৰ্ণপদক দখল কৰে।

image 242

বিশ্বৰ প্ৰথম স্থানত থকা জেভলিন থ্ৰ’ৱাৰ এণ্ডাৰছনে কোৱালিফায়িং ৰাউণ্ডত ৮৯.৯১ মিটাৰ জেভলিন থ্ৰ’ কৰি ফাইনেলত উপনীত হয়। প্ৰায় ৯০ মিটাৰ জেভলিন দলিয়াই তেওঁ শীৰ্ষস্থানত থাকে।

আনহাতে, দ্বিতীয় স্থানত থকা নীৰজ চোপ্ৰাই কোৱালিফায়িং ৰাউণ্ডত ৮৮.৩৯ মিটাৰ দলিয়াই। বিশ্বৰ চতুৰ্থ স্থানত থকা নীজৰক ফাইনেলত এণ্ডাৰছনক পৰাস্ত কৰাৰ বাবে ৯০ মিটাৰ দলিওৱাৰ প্ৰয়োজন আছিল।

উল্লেখ্য যে, বিশ্ব চেম্পিয়নশ্বিপখনত ইয়াৰ পূৰ্বে ভাৰতৰ একমাত্ৰ পদক আছিল ২০০৩ চনৰ পেৰিছত অঞ্জু ববি জৰ্জৰ লং জাম্পৰ ব্ৰঞ্জৰ পদকটো।