অসমত পুনৰ নাটনি হ’ব পাৰে ৰন্ধন গেছ…

অসমত পুনৰ নাটনি হ’ব পাৰে ৰন্ধন গেছ।

ৰন্ধন গেছ পৰিবহণ কৰা প্ৰকল্প সন্থাই গেছৰ চিলিণ্ডাৰ পৰিবহণ নকৰাৰ বাবেই এই নাটনিয়ে দেখা দিব।

নৰ্থ-ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছোচিয়েশ্যনে (NEPLTA) আজিৰ পৰা অনিৰ্দিষ্টকাললৈ আহ্বান জনোৱা ধৰ্মঘটৰ বাবেই এই আশংকাই দেখা দিছে।

ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড চমুকৈ আই অ’ চি এল কৰ্তৃপক্ষৰ বিৰুদ্ধে স্থানীয় পৰিবহণকাৰী সকলৰ দাবী পূৰণ নকৰাৰ বাবে নৰ্থ-ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছোচিয়েশ্যনে এই ধৰ্মঘটৰ আহ্বান জনাইছে।

ইয়াৰ ফলতে ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত গেছ এজেন্সি সমূহ অসুবিধাৰ সন্মুখিন হব।

আজিৰ পৰা বন্ধ হোৱা বটলিং প্লাণ্ট কেইটা হৈছে- উত্তৰ-গুৱাহাটী, তিনচুকীয়া গোপানাৰী, সৰপৰা, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ আৰু দুলীয়াজান বটলি প্লাণ্ট ধৰ্মঘটৰ বাবে বন্ধ থাকিব।