অসমীয়াঅসম

CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কলা শাখাত দেশৰ ভিতৰতে চতুৰ্থ স্থান লাভ গোলাঘাটৰ হৰিদ্ৰাৰ

নিউজ ডেস্কঃ শুকুৰবাৰে ঘোষিত হোৱা চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত কলা শাখাত দেশৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰি উজ্বলি উঠিল গোলাঘাটৰ হৰিদ্ৰা বৰা।

গোলাঘাট জিলাৰ নুমলীগড়ৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰী হৰিদ্ৰা বৰাই ৫০০ নম্বৰৰ পৰীক্ষাত ৪৯৭ নম্বৰ লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম আৰু সৰ্বভাৰতীয় পৰ্যায়ত চতুৰ্থ স্থান লাভ কৰে।

photo1658559327

বোকাখাত চিএনবি কলেজৰ গণিত বিষয়ৰ মুৰব্বী অধ্যাপক ৰুবুল বৰা আৰু জ্যেষ্ঠ অধিবক্তা মৃদুস্মিতা শ‍ইকীয়াৰ একমাত্ৰ কন্যা হৰিদ্ৰাই ইংৰাজী বিষয়ত ৯৮, ৰাজনীতি বিষয়ত ৯৯, সমাজতত্ত্ব, ভূগোল আৰু মনোবিজ্ঞান বিষয়ত ১০০ নম্বৰ লাভ কৰে।

photo1658559367

উল্লেখ্য যে, ২০২০ চনত গোলাঘাট চেক্রেড হার্ট হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰিছিল হৰিদ্ৰাই। মেধাৱী ছাত্ৰীগৰাকীৰ এই সফলতাই স্বাভাৱিকতে উৎফুল্লিত কৰিছে পিতৃ-মাতৃৰ লগতে গোলাঘাটবাসীক।

photo1658559399

বর্তমান দিল্লী বিশ্ববিদ্যালয়ৰ অন্তর্গত হিন্দু কলেজ অথবা ছেণ্ট ষ্টিফেন কলেজত নামভৰ্তি কৰি ভৱিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা ব্যক্ত কৰে হৰিদ্ৰা বৰাই।

লগতে চাওকঃ

ভাল খবৰ! CBSE ৰ দশম শ্ৰেণীৰ ফলাফলত দেশজুৰি দ্বিতীয় স্থানত অসমৰ লােচনা…

lochna