শিক্ষক নিযুক্তি কেলেংকাৰীঃ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীকো গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ শিক্ষক নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত পশ্চিম বংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে।

খবৰ অনুসৰি, কেলেংকাৰীৰ সৈতে জড়িত পশ্চিম বংগৰ মন্ত্ৰীগৰাকীৰ সৈতে আজি পুৱা ইডিৰ কাৰ্যালয়লৈ জেৰাৰ বাবে লৈ যোৱা হয় অৰ্পিতা মুখাৰ্জীকো। তাৰ পিছতে মডেল তথা অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে।

image 235
শিক্ষক নিযুক্তি কেলেংকাৰীঃ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীকো গ্ৰেপ্তাৰ 4

বাতৰি অনুসৰি, পাৰ্থ চেটাৰ্জীক বিয়লি প্ৰায় ২ বজাত বেংকশ্বেল আদালতত হাজিৰ কৰোৱা হ’ব। তেওঁৰ ট্ৰেনজিট ৰিমাণ্ড বিচাৰিব কেন্দ্ৰীয় সংস্থাটোৱে। চেটাৰ্জীকো অৰ্পিতা মুখাৰ্জীৰ বাসভৱনলৈ লৈ যোৱাৰ সম্ভাৱনা আছে জব্দ কৰাৰ অধিক সবিশেষ জানিবলৈ।

photo1658553212
শিক্ষক নিযুক্তি কেলেংকাৰীঃ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীকো গ্ৰেপ্তাৰ 5

উল্লেখ্য যে, এছএছচি নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত চলোৱা অভিযানত ইডিয়ে শুকুৰবাৰে টি এম চিৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা নগদ ২০ কোটি টকা জব্দ কৰে।

image 233
শিক্ষক নিযুক্তি কেলেংকাৰীঃ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীকো গ্ৰেপ্তাৰ 6

লগতে তেওঁৰ বাসগৃহৰ চৌহদৰ পৰা ২০টা মোবাইল ফোন জব্দ কৰে অভিযানকাৰী দলটোৱে।