কলি যুগৰ শ্ৰৱণ কুমাৰ! বৃদ্ধ পিতৃ-মাতৃক কান্ধত লৈ তীৰ্থযাত্ৰা এজন যুৱকৰ

নিউজ ডেস্কঃ বৰ্তমান ইন্টাৰনেটত ভাইৰেল হৈ পৰা এক দৃশ্য দেখিলে আপোনাৰো মনলৈ আহিব ৰামায়ণৰ কথা। মনত পৰিব শ্ৰৱণ কুমাৰৰ পিতৃ-মাতৃৰ প্ৰতি ভক্তিৰ কথা। পুত্ৰৰ কৰ্তব্য পালন কৰি অন্ধ পিতৃ-মাতৃক কান্ধত লৈ বনে বনে ঘুৰি ফুৰিছিল শ্ৰৱণ কুমাৰ। যাৰ দুৰ্ঘটনাবশতঃ দশৰথৰ শব্দভেদি বাণত মৃত্যু হৈছিল।

একবিংশ শতিকাত ৰাজপথত এনে দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কানৱাৰ যাত্ৰাত তেনে এটা দৃশ্য বন্দী হৈছে কোনো এজনৰ কেমেৰাত। কানৱাৰ যাত্ৰাত এগৰাকী যুৱকে নিজৰ বৃদ্ধ পিতৃ-মাতৃক কান্ধত লৈ তীৰ্থযাত্ৰালৈ যোৱা দেখিবলৈ পোৱা গৈছে ভিডিঅ’টোত।

sravan kumar
কলি যুগৰ শ্ৰৱণ কুমাৰ! বৃদ্ধ পিতৃ-মাতৃক কান্ধত লৈ তীৰ্থযাত্ৰা এজন যুৱকৰ 2

উল্লেখ্য যে, তীৰ্থযাত্ৰীসকলে কানৱাৰ যাত্ৰাত কান্ধত পানীৰ পাত্ৰ লৈ ৰাস্তাত খোজ কাঢ়ে, এইটোৱেই ৰীতি। কিন্তু যুৱ তীৰ্থযাত্ৰী জনৰ কান্ধত পানীৰ সলনি আছিল এহাল বৃদ্ধ দম্পতী।

ভিডিঅ’টো আইপিএছ অশোক কুমাৰে টুইট কৰি লিখিছে, “বৰ্তমান সময়ত বৃদ্ধ অভিভাৱকসকলক অৱহেলা কৰা দেখা যায়। আনকি সন্তানে তেওঁলোকক ঘৰৰ পৰা বাহিৰ কৰিও দিয়ে। কিন্তু এইখন ঠিক তাৰ বিপৰীত ছবি। লাখ লাখ ভক্তৰ ভিতৰত আছে এজন, যিয়ে তেওঁৰ পিতৃ-মাতৃক কান্ধত তুলি কানৱাৰ যাত্ৰালৈ আহিছে।’

সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে হৃদয় জিনিছে লাখ লাখ নেট ব্যৱহাৰকাৰীৰ।