নিউজ ডেস্কঃ আজি ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ দিশে আগবাঢ়িছে এগৰাকী আদিবাসী মহিলা। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই ইতিমধ্যে চলিছে বিজয় উৎসৱ। আনফালে প্ৰশাসন আৰু চাহ বাগিচা কৰ্তৃপক্ষৰ হেমাহিৰ বাবে আজি হাস্পতালত জীৱন-মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছে অসমৰ আন এগৰাকী আদিৱাসী যুৱতী।
মইনা নায়ক। ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ এগৰাকী সাধাৰণ কৰ্মচাৰী আদিৱাসী যুৱতী মইনা নায়ক। বুধবাৰে বাগনৰ চিটিচি ফেক্টৰীত ঝাড়ু দি থকাৰ সময়তে চাহ শুকোৱা মেচিনত লাগি মূৰৰ লাওখোলা খুলি পৰিছিল মইনা নায়কৰ। তাৰ পিছত এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী।
একে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আয়ুৰসূন্দ্ৰা হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কণ্ঠশিল্পীগৰাকীৰ চিকিৎসাৰ সমস্ত দায়িত্ব বহন কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে অহৰহ বুজ লৈ আছে জুবিনৰ স্বাস্থ্যৰ।
এনে সময়ত জিএমচিএইছত চিকিৎসাধীন আদিৱাসী যুৱতী মইনা নায়ক আৰু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰল জুবিন গাৰ্গক চিকিৎসা প্ৰদানৰ নামত অসম চৰকাৰে দুটা পৃথক দৃষ্টিভংগী গ্ৰহণ কৰাৰ অভিযোগ তুলিছে একাংশই।
এই অভিযোগ সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে জুবিন গাৰ্গ আৰু মইনা নায়ক দুয়োৰে মাজত কোনো পাৰ্থক্য নাই।
এচাম লোকেহে দুয়োৰে মাজত পাৰ্থক্যৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি ভৱেশ কলিতাই কয় যে জুবিন গাৰ্গৰ সমান্তৰালভাৱে মইনা নায়কৰ চিকিৎসাৰ বাবেও যিমান সম্ভৱ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। বৰ্তমান জিএমচিএইছত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে যি কৰিবলগা হয় সেয়া সকলো ৰাজ্য চৰকাৰে কৰিব বুলিও মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে।
মইনা নায়কৰ সৈতে ঘটা ঘটনা এটা দুৰ্ঘটনা বুলি মন্তব্য কৰি ভৱেশ কলিতাই কয় যে জুবিন গাৰ্গৰ দৰে মইনা নায়কো অসমৰ বাবে অমূল্য সম্পদ। যি সকলে দুয়োৰে মাজত পাৰ্থক্য বিচাৰি পাইছে, তেওঁলোকেহে আচলতে শ্ৰমিক-মালিক আদিৰে সমাজত বিভেদ আনিব বিচাৰে।
উল্লেখ্য যে, মইনা নায়ক দুৰ্ঘটনাৰ বলি হোৱাৰ বাবে প্ৰশাসন আৰু চাহ বাগান কৰ্তৃপক্ষ দায়ী বুলি অভিযোগ তুলিছে একাংশই। যাৰ বাবে আদিৱাসী যুৱতীগৰাকীক ন্যায় প্ৰদানৰ দাবীৰে সৰৱ হৈ পৰিছে সামাজিক মাধ্যমসমূহো।










2 thoughts on “জুবিন গাৰ্গ আৰু মইনা নায়কৰ মাজত কোনো পাৰ্থক্য নাই, এচামেহে দুয়োৰে মাজত পাৰ্থক্য বিচাৰি পাইছেঃ ভৱেশ কলিতা”
Comments are closed.