ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ আমেৰিকালৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ সময়ত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, দেশৰ নিৰাপত্তা উপদেষ্টাকে ধৰি এটা উচ্চ পৰ্যায়ৰ দলে সংগ দিব।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত প্ৰধান মন্ত্ৰী মোদীয়ে ভাষণ প্ৰদান কৰাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইদেন, কোৱাড গ্ৰুপৰ নেতা সকলৰ লগতে ভাৰতীয় মূলৰ মাৰ্কিন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতেও বৈঠকত অংশগ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকৰ সময়ত আফগানিস্তান প্ৰসংগৰ লগতে সন্ত্ৰাসবাদৰ প্ৰসংগ সন্দৰ্ভতো আলোচনা কৰিব।
নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ শেষ কৰি ২৬ ছেপ্তেম্বৰত ভাৰতত উপস্থিত হ’ব।









