অসমীয়াঅসম

অৱশেষত উদ্ধাৰ আৰক্ষী আৱাসৰ পৰা চুৰি হোৱা একে-৪৭ ৰাইফলৰ ৯০ জাঁই গুলী, গ্ৰেপ্তাৰ গভাইত চোৰক

নিউজ ডেস্কঃ ৯ দিনৰ পিছত অৱশেষত উদ্ধাৰ হ’ল নগাঁও আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ ঘৰৰ পৰা চুৰি হোৱা একে-৪৭ ৰাইফলৰ ৯০ জাঁই সজীৱ গুলী।

আৰক্ষীয়ে অভিযান চলাই সোমবাৰে এটা গভাইত চোৰক গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা চলোৱাৰ পিছতে উদ্ধাৰ হয় চুৰি গুলীসমূহ।

উল্লেখ্য যে, যোৱা ৯ জুলাইত নগাঁও আৰক্ষী চাউনীৰ আৰক্ষী আৱাসৰ পৰা অৰুণজ্যোতি শইকীয়া নামৰ কনিষ্টবলজনৰ ঘৰৰ পৰা চোৰে চুৰি কৰি নিছিল নগদ ধন আৰু সোণ-ৰূপৰ গহনাৰ লগতে একে৪৭ ৰাইফলৰ ৯০ জাঁই সজীৱ গুলী।

photo1658207201

এই ঘটনাৰ পিছতে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হিচাপে কৰ্মৰত কনিষ্টবল অৰুণজ্যোতি শইকীয়াক চাকৰিৰ পৰা নিলম্বন কৰিছিল আৰক্ষী অধীক্ষক লীনা দলেয়ে।

ইফালে চুৰি কাণ্ডৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল জোৰদাৰ অভিযান। যাৰ পৰিণতিত আৰক্ষীয়ে সোমবাৰে নিশা ফৌজদাৰীপট্টিৰ পানী টেংকীৰ সমীপত ফিৰোজ খান নামৰ এটা গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে উদ্ধাৰ হয় চুৰি গুলীসমূহ।

photo1658207379

অৱশ্যে ধৃত চোৰটোৱে এই গুলীসমূহ কি কাৰণত চুৰি কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

বৰ্তমান নগাঁঁও সদৰ থানাত চোৰটোক জেৰা অব্যাহত ৰাখিছে আৰক্ষী অধীক্ষক লীনা দলেয়ে।

ইপিনে গভাইত চোৰটোৰ পৰা মন্দিৰৰ পৰা চুৰি হোৱা এটা কৃষ্ণমূৰ্তিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

লগতে চাওকঃ

এইখন অসমৰে ঘটনা! প্ৰেমিকাৰ পিতৃয়ে হাতে-ভৰি বান্ধি কাটি পেলালে কন্যাৰ প্ৰেমিকৰ দুয়োখন কাণ…

talibani

চাঞ্চল্যকৰ! একেলগে কৰ্তব্য সম্পাদন কৰি থকা সময়তে ৩ সতীৰ্থ জোৱানক গুলীয়াই হত্যা আৰক্ষী জোৱান

delhi firing

One thought on “অৱশেষত উদ্ধাৰ আৰক্ষী আৱাসৰ পৰা চুৰি হোৱা একে-৪৭ ৰাইফলৰ ৯০ জাঁই গুলী, গ্ৰেপ্তাৰ গভাইত চোৰক”

Comments are closed.