কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান আৰএছএছৰ প্ৰধান মোহন ভাগৱতৰ, তাৰ পিছতে চলিছে এই চৰ্চা…

নিউজ ডেস্কঃ ভাৰতৰ কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক প্ৰদান কৰা হ’ল সন্মানীয় ডক্টৰেট ডিগ্ৰী। বুধবাৰে বাংগালুৰৰ শ্ৰী সত্য বিশ্ববিদ্যালয়ত ক্ৰিকেটাৰগৰাকীক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে আৰএছএছৰ প্ৰধান মোহন ভাগৱতে। গাভাস্কাৰৰ উপৰিও আন ৫ গৰাকী বিশিষ্ট ব্যক্তিকো একে দিনাই ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।

ইফালে ক্ৰিকেটাৰগৰাকীয়ে আৰএছএছৰ প্ৰধান মোহন ভাগৱতৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰাৰ পিছতে আৰম্ভ হৈছে নানান জল্পনা কল্পনা।

image 139
কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান আৰএছএছৰ প্ৰধান মোহন ভাগৱতৰ, তাৰ পিছতে চলিছে এই চৰ্চা… 3

প্ৰায় তিনি দশক পূৰ্বেই ক্ৰিকেটৰ পৰা অৱসৰ লোৱা গাভাস্কাৰ ৰাজনীতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ পৰাক লৈও চৰ্চা চলিছে। আনহাতে তেওঁৰ পুত্ৰই বিচিচিআইৰ কোনো গুৰুত্বপূৰ্ণ পদবী লাভ কৰাক লৈও আৰম্ভ হৈছে চৰ্চা।

image 138
কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান আৰএছএছৰ প্ৰধান মোহন ভাগৱতৰ, তাৰ পিছতে চলিছে এই চৰ্চা… 4

আনহাতে আৰএছএছৰ প্ৰধান মোহন ভাগৱতৰ পৰা এই বঁটা গ্ৰহণ কৰি স্বাভাৱিকতে উৎসাহিত হৈ পৰে সুনীল গাভাস্কাৰ। তেওঁ মোহন ভাগৱতৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱন কামনা কৰি তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা যায়।

উল্লেখ্য যে, বুধবাৰে গাভাস্কাৰৰ উপৰিও সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় দেশৰ প্ৰসিদ্ধ পাৰমাণৱিক পদাৰ্থবিজ্ঞানী এ চিদাম্বৰমক।