দৰঙৰ গৰুখুঁটি কৃষি প্ৰকল্পত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান।
শ শ নিৰাপত্তাৰক্ষীক লগত লৈ প্ৰশাসনে চলাব উচ্ছেদ।
অঞ্চলটোৰ প্ৰায় ৭৭,৪২০ বিঘা মাটি দখলকাৰীৰ কবলত।
বিভিন্ন দল-সংগঠনৰ দাবীত প্ৰথমে জিলা আৰক্ষীৰ অধীক্ষকৰ নেতৃত্বত বেদখলকাৰীসকলক আঁতৰি যাবলৈ কোৱা হৈছিল যদিও সুফল লাভ কৰা নাছিল জিলা প্ৰশাসনে।
সেয়েহে সোমবাৰে দৰঙৰ জিলা প্ৰশাসনৰ উদ্যোগত বৃহৎ উচ্ছেদ অভিযানৰ আৰম্ভণি কৰা হয়।
এক হাজাৰ নিৰাপত্তাৰক্ষী, দহখন জেচিবি, ট্রেক্টৰ, নাও, বৃহৎ সংখ্যক শ্ৰমিক লৈ প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান।

দৰঙৰ ঢলপুৰত আজি দহটা স্থানত পৃথকে পৃথকে একেলগে উচ্ছেদ অভিযান চলোৱা হৈছে।
প্ৰায় এক হাজাৰ পৰিয়ালৰ ঘৰ ভঙা গৈছে প্ৰথম পৰ্যায়ৰ অভিযানত।
প্ৰথম দিনটো ২৭০০ বিঘা মাটি মুক্ত কৰাৰ লক্ষ্য লৈছে প্ৰশাসনে।









