কোকৰাঝাৰ এনকাউণ্টৰ ঘটনাৰ কৰা হ’ব তদন্তঃ প্ৰমোদ বড়ো

কোকৰাঝাৰ এনকাউণ্টৰ ঘটনাৰ কৰা হ’ব তদন্ত।

এনকাউণ্টাৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰ মূৰব্বী প্ৰমোদ বড়োই।

কোকৰাঝাৰ জিলাৰ উল্টাপানীত কোকৰাঝাৰ আৰক্ষীৰ গুলীত দুজন যুৱকে মৃত্যুবৰণ কৰাৰ পিচতেই এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অৱশেষত এই বিষয়ত নিজৰ মন্তব্য প্ৰকাশ কৰিলে প্ৰমোদ বড়োৱে।

সোমবাৰে কোকৰাঝাৰ চহৰৰ বড়োফা নগৰস্থিত বিটিআৰ সচিবালয়ত সাংবাদিকৰ আগত প্ৰমোদ বড়োৱে কয়, আমি কোনো কাৰণতে নিবিচাৰো এজন নিৰীহ যুৱকে মৃত্যুক আকোঁৱালি লওক৷ বড়োলেণ্ডত এয়া আজিৰ ঘটনা নহয়৷ দশক পৰা দশক ধৰি এনে ঘটনা ঘটি আছে৷ গতিকে ইয়াৰ এটা স্থায়ী সমাধান আনিব লাগিব।

আনহাতে কোকৰাঝাৰৰ এই ঘটনাক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰে আলোচনা কৰা বুলিও প্ৰমোদ বড়োৱে উল্লেখ কৰিছে।

তেওঁ কয়, কোনো এজন ব্যক্তিক ভুৱা সংঘৰ্ষ বা বিনাকাৰণত মৃত্যু হোৱাটো কোনোৱে নিবিচাৰে আৰু সহ্য নকৰে। এই ঘটনাৰ ওপৰতো তদন্ত হ’ব।

লগতে অস্ত্ৰ তুলি লোৱাসকলকো অস্ত্ৰ সম্বৰণ কৰিবলৈ আহ্বান জনাই বড়োৱে কয়-এতিয়া অশান্তি নিবিচাৰে বিটিআৰৰ জনসাধাৰণে।

তেওঁ কয়, বিটিআৰত বড়োৰ লগতে সকলো জাতি-জনগোষ্ঠীৰে নিজৰ নিজৰ পৰিচয়ৰ অস্তিত্ব জীয়াই থাকিব আৰু সকলোৱে শান্তিৰে আগবাঢ়ি যাব পাৰিব।

Leave a Comment