ৰাজ্যত বান পৰিস্থিতিয়ে সাম কাটিছে যদিও এতিয়াও দূৰ হোৱা নাই ৰাইজৰ আহুকাল।
বানত ঘৰ বাৰী হেৰুৱাই এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পৰা নাই বনাক্ৰান্ত ৰাইজ, এতিয়াও ভগা মথাউৰিৰ ওপৰত সাজি লোৱা চালিৰ তলতেই দিন পাৰ কৰিছে শ শ লোকে।
কিয়নো বানৰ কবলত পৰা আপোন ঘৰখনৰ কোনো চিনচাবেই নাই, কাৰোবাৰ যদি কিছু অংশ আছে সেইয়াও বালি মাটিয়ে পুটি পেলাইছে।
বৃহস্পতিবাৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ ৰঙিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা।

ৰঙিয়াৰ বগৰীবাৰী মাথাউৰিত স্কুটী চলাই বানাক্রান্তৰ কাষত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।
প্ৰায় ডেৰ কিলোমিটাৰ পথ নিজেই স্কুটী চলাই গৈ মুখ্যমন্ত্ৰীয়ে পৰ্যাবেক্ষণ কৰিলে বগৰীবাৰী মাথাউৰিৰ ভংগ্ন অংশ।
পুথিমাৰী নৈৰ বাঢ়নী পানীত তচনচ ৰঙিয়াৰ বগৰীবাৰী অঞ্চলৰ ১৭টাকৈ পৰিয়াল। ক্ষতিগ্রস্ত হৈছে ১৬০ ঘৰকৈ মানুহ।

বানাক্রান্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লৈ মুখ্যমন্ত্রীয়ে আশ্বাস দিলে পুনৰ সংস্থাপনৰ। আশ্বাস দিলে ভঙা মথাউৰি নিৰ্মাণৰ।
ইয়াৰ পিছতে পুথিমাৰী নৈৰ গতিপথ চাবলৈ নাওত উঠে মুখ্যমন্ত্ৰী গৰাকী। বিধায়ক ভৱেশ কলিতা, দিগন্ত কলিতাসহ জলসম্পদ বিভাগৰ বহু বিষয়াৰ সৈতে নৈখনৰ গতিপথৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ পিছতে আই আই টি গুৱাহাটীৰ বিশেষজ্ঞৰ পৰামৰ্শ মতেহে মাথাউৰি সজা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।









