শোকাৱহ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত সোমাল টেংকাৰ, নিহত এজন…

এক শোকাৱহ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত সোমাল টেংকাৰ।

পথ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এজন লোক।

শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকীত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

নিহত লোকজন হৈছে টেংকাৰখনৰ চালক মুজাকিৰ হুছেইন।

চালক মুজাকিৰ হুছেইনৰ ঘৰ গেলেকীৰ মিছাজানত।

এই দুৰ্ঘটনাটোত টেংকাৰখনৰ সহঃ চালক আৰজুদ্দিন আহমেদো যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে, অ’এনজিচিৰ অধীনস্থ ১৪০৪ নং তৈলখাদৰ পৰা কেমিকেল কঢ়িয়াবলৈ যোৱা সময়তে টেংকাৰখন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰি যায়।

দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ নম্বৰ হৈছে- এ এছ ২৩ চি চি-১২৯০