মণ্ডল আৰু চৰকাৰী কৰ্মচাৰীক আক্ৰমণ কৰা বেদখলকাৰীৰ ঘৰত প্ৰশাসনৰ বুলড’জাৰ।
চৰকাৰী ভূমি বেদখল কৰি নিৰ্মাণ কৰা ঘৰ JCB লগাই ভাঙি দিয়ে দৰং জিলা প্ৰশাসনে।
দলগাঁৱৰ দুলীয়াপাৰাত চলিল প্ৰশাসনৰ এই বুলড’জাৰ।
চৰকাৰী মাটি খালী কৰিবলৈ গৈ বেদখলকাৰীৰ আক্ৰমণৰ বলি হৈছিল মণ্ডল, গাঁওবুঢ়া আৰু NRL ৰ কৰ্মী।
গাঁও খনত নুমলীগড় ৰিফাইনাৰীৰ নামত আৱন্টন হৈছিল ১ বিঘা ৪ কঠা ১৫ লেচা ভূমি।
বুধবাৰে সেই ভূমি প্ৰশাসনে এন আৰ এল কৰ্তৃপক্ষক স্থানান্তৰ কৰিব যোৱাত একাংশ দখলকাৰীয়ে প্ৰহাৰ কৰে।
সমান্তৰালভাৱে লাট মণ্ডল জিতু চহৰীয়া আৰু NRL ৰ কৰ্মী সকলকো কৰিছিল আক্ৰমণ।
ইয়াৰ পিছতে অভিযুক্তৰ ঘৰত প্ৰশাসনেনে চলালে বুলড’জাৰ।
দলগাঁৱত চাৰিটাকৈ ঘৰত চলিল প্ৰশাসনৰ বুলড’জাৰ।
চৰকাৰী বিষয়াক প্ৰহাৰ কৰা অভিযোগ জহৰ আলী, গফুৰ আলী, ৰফিকুল ইছলামৰ বিৰুদ্ধে।









