আৰক্ষীৰ সাফলতা! সেনা-আৰক্ষীৰ গুলীত নিহত আলফা কেডাৰ জ্ঞান অসমৰ ঘনিষ্ঠ লিংক মেন আটক

তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সাফলতা।

কাকপথাৰৰ দ’পথাৰত সেনা আৰক্ষীৰ গুলীত নিহত হোৱা আলফা কেডাৰ জ্ঞান অসম ওৰফে সন্তোষ গগৈৰ ঘনিষ্ঠ লিংক মেন আটক।

তিনিচুকীয়া আৰক্ষীৰ অভিযানত আটক আলফাৰ লিংকমেল ৰঞ্জিত গগৈ।

বাংগালুৰুৰ পৰা আটক কৰা হৈছে আলফা (স্বাঃ)ৰ লিংকমেন গগৈক।

ৰঞ্জিত গগৈৰ ঘৰ শদীয়াৰ বচা গাঁৱত। 

পূৰ্বে আৰক্ষীৰ হাতত ধৰা পৰা এগৰাকী লোকৰ এটা ফোনকল ট্ৰেছ কৰি বাংগালুৰৰ পৰা আটক কৰা হৈছে ৰঞ্জিত গগৈক।

কিছুদিন পূৰ্বে আৰক্ষীয়ে বৰদুমছাৰ পৰা আটক কৰিছিল অৰুণ গোহাঁই নামৰ এগৰাকী লোকক। সেই লোকগৰাকীৰেই ফোন ট্ৰেছ কৰিয়েই বাংগালুৰুৰ পৰা আটক কৰা হয় ৰঞ্জিত গগৈক।

বাংগালুৰৰ পৰাই আটকাধীন ৰঞ্জিত গগৈয়ে আলফা নেতা জ্ঞান অসমৰ সৈতে ধনৰ লেন-দেন কৰি আহিছিল বুলি আজি আৰক্ষীয়ে জানিবলৈ দিয়ে

জ্ঞান অসমৰ বাবে ৰঞ্জিত গগৈয়ে বৰডুমচাৰ ৰিতু কঠালগুৰিৰ অৰুণ গোঁহাইৰ একাউন্টত ৩੦ হাজাৰ টকা জমা কৰিছিল। অৰুণ গোঁহাইয়ে সেই টকা নিজা একাউণ্টৰ পৰা উলিয়াই অৰুণ গোঁহাইৰ ঘৰত আশ্ৰয়লৈ থকা আলফাৰ দলটোক দিছিল।

বৰ্তমানে তথ্যৰ বাবে তিনিচুকীয়া সদৰ থানাত উজনি অসমৰ DIG জিৎমল দলে আৰু আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।