ডকাইতৰ নিচিনাকৈ জংঘলত লুকাই থাকি আমাক ধমকি দিব নালাগেঃ কাক উদ্দেশ্যি ক’লে DIG জিৎমল দলেয়ে…

নিউজ ডেস্কঃ আলফা স্বাধীনে টাৰ্গেট কৰা বুলি চোৰাংচোৱাৰ সতৰ্কবাণীৰ পিছতে আলফাৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰিছে উজনি অসমৰ ডিআইডি জিৎমল দলে। পৰেশপন্থী আলফাক কঠোৰ সমালোচনা কৰি আলফাই বিচৰা স্বাধীন অসম অসমীয়াই নিবিচাৰে বুলি মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

ডকাইতৰ দৰে জংঘলত লুকাই থাকি আমাক ধমকি দিব নালাগে বুলি আলফা স্বাধীনৰ বিৰুদ্ধে হুংকাৰ দি আৰক্ষী বিষয়া জিৎমল দলেয়ে কয় যে আমি ক’ত থাকিম, কেনেকুৱা স্বাধীনতা বিচাৰো সেয়া আমি নিজেই নিৰ্ধাৰণ কৰিম। কোনো বিদেশী শক্তিয়ে আমাক সেয়া নিৰ্ণয় কৰি দিব নালাগে।

এক অনুষ্ঠানত ভাষণ প্ৰদান কৰাৰ সময়ত ডিআইজি গৰাকীয়ে আলফাৰ সংকীৰ্ণ আৰু বিচ্ছিন্নতাবাদী মনোভাৱ উৎখাত কৰিবলৈও অসমবাসীক আহ্বান জনায়।

উল্লেখ্য যে, উজনি অসমত আলফা বিৰোধী অভিযানৰ পৰিপ্ৰেক্ষিতত আৰক্ষী বিষয়া জিৎমল দলে এতিয়া আলফা স্বাধীনৰ টাৰ্গেট হৈ পৰা বুলি আৰক্ষীৰ চোৰাংচোৱাই সতৰ্কবাণী জাৰি কৰিছে। যাৰ পিছতে হাহাকাৰ লাগিছে অসম আৰক্ষীত।

ডিআইজি জিৎমল দলেৰ নেতৃত্বতে বিগত কিছু মাহৰ পৰা উজনি অসমত চলিছে আৰক্ষীৰ তীব্ৰতৰ অভিযান। এই অভিযানত কেইবাজনো আলফা স্বাধীনৰ কেডাৰ গ্ৰেপ্তাৰ হৈছে। আনহাতে নিহত হৈছে আলফাৰ শীৰ্ষ কেডাৰ জ্ঞান অসমো।

তাৰ পিছতে জিৎমল দলে আলফা স্বাধীনৰ লক্ষ্য হৈ পৰা বুলি চোৰাংচোৱাই সতৰ্ক কৰি দিছে।