বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু বিস্ফোৰকসহ মাওবাদীৰ অস্ত্ৰাগাৰ উদ্ধাৰ কোব্ৰা কামাণ্ডো বাহিনীৰ

নিউজ ডেস্কঃ চিআৰপিএফৰ ‘কোব্ৰা’ কমাণ্ডো বাহিনীয়ে বিহাৰত বৃহৎ পৰিমাণৰ কাৰ্ট্ৰিজ, বিস্ফোৰক আৰু নিষিদ্ধ মাওবাদী সংগঠনৰ অস্ত্ৰ উদ্ধাৰ কৰে।

বুধবাৰে গয়া আৰু ঔৰঙ্গাবাদ জিলাৰ সীমান্তৱৰ্তী বনাঞ্চলত তালাচী অভিযানৰ সময়ত অস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰে কোব্ৰা কামাণ্ডো বাহিনীয়ে।

উদ্ধাৰ হোৱা অস্ত্ৰ আৰু বিস্ফোৰকৰ ভিতৰত আছে এটা একে চিৰিজ ৰাইফল, ৩০০ ৰাউণ্ডতকৈও অধিক গুলী, দেশত নিৰ্মিত বন্দুক, ৬৫টা প্ৰেচাৰ বোমা, ৪৪৬টা চিৰিজ আইইডি, ১০১ টা কুটো বোমা (কেন আইইডি) আৰু ৪৯৫ টা ডিটোনেটৰ।

guli recover
বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু বিস্ফোৰকসহ মাওবাদীৰ অস্ত্ৰাগাৰ উদ্ধাৰ কোব্ৰা কামাণ্ডো বাহিনীৰ 2

বিহাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, উদ্ধাৰ হোৱা অস্ত্ৰ আৰু বিস্ফোৰকসমূহ নিষিদ্ধ চিপিআই (মাওবাদী) গোটৰ সশস্ত্ৰ শাখা পিপ’লছ্ লিবাৰেচন গেৰিলা আৰ্মী (পিএলজিএ)ৰ আছিল।

ঔৰঙ্গাবাদৰ আৰক্ষী অধীক্ষক কান্তেশ কুমাৰ মিশ্ৰাই জানিবলৈ দিয়া মতে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত দক্ষিণ বিহাৰৰ বনাঞ্চলত অভিযান চলোৱা হৈছিল। কোব্ৰা কমাণ্ডোসকলক বিহাৰ আৰক্ষীৰ দ্বাৰা সহায় কৰা হয়।