মৰ্মান্তিক! গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰিবলৈ গৈ বানত উটি গ’ল উদ্ধাৰকাৰী দলৰ ২ সদস্য

নিউজ ডেস্কঃ নেৰানেপেৰা বৰষুণৰ পিছত সৃষ্টি হোৱা প্ৰবল বানত আৱদ্ধ এগৰাকী গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰাৰ সময়তে সোঁতত উটি গ’ল উদ্ধাৰকাৰী দলৰ ২ জোৱান। বুধবাৰে এই শোকাবহ ঘটনা সংঘটিত হৈছে তেলেংগানাত।

জানিব পৰা মতে, তেলেংগানাৰ বেইব্ৰা গাঁৱত প্ৰলয়ংকাৰী বানত আৱদ্ধ লোকসকলক উদ্ধাৰ অভিযান চলাই আছিল এছচিচিএলৰ মান্দামাৰী গোটৰ ৬ জনীয়া উদ্ধাৰকাৰী দলে।

গাঁওখনত এগৰাকী গৰ্ভৱতী মহিলাক প্লাৱিত পথেৰে সুৰক্ষিত স্থানলৈ আনি থকাৰ সময়তে কোবাল সোঁতত উটি যায় দলটোৰ ২ সদস্য।

missing jowan
মৰ্মান্তিক! গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰিবলৈ গৈ বানত উটি গ’ল উদ্ধাৰকাৰী দলৰ ২ সদস্য 2

বৰ্তমানো সন্ধানহীন হৈ থকা দুয়োজন সদস্যৰ পৰিচয় ক্ৰমে সতীশ আৰু ৰামু বুলি জানিব পৰা গৈছে। দুয়োজন উদ্ধাৰকাৰী সদস্যৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে।

কাগজনগৰৰ উপ আৰক্ষী অধীক্ষক এ কৰুণাকাৰে সংবাদ মাধ‍্যমক জনোৱা মতে দুয়োজন লোকক বিচাৰি উলিয়াবলৈ এনডিআৰএফৰ এটা দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি তেলেংগানাত হৈ থকা ধাৰাসাৰ বৰষুণৰ পিছতে বহু অঞ্চলত সৃষ্টি হৈছে প্ৰলয়ংকাৰী বানৰ। ইতিমধ্যে বানৰ কবলত পৰি ৰাজ্যখনত ১০ জন লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।