ভয়ংকৰ! ৰে’ল লাইন পাৰ হ’বলৈ লওঁতেই দ্ৰুতবেগী ৰে’লে মহতিয়াই লৈ গ’ল অটো, কথমপি প্ৰাণৰক্ষা চালকৰ

নিউজ ডেস্কঃ ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত চিগাত বুধবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন অটো ৰে’ল লাইন পাৰ হ’বলৈ লওঁতেই দ্ৰুতবেগী ৰে’লে মহতিয়াই লৈ যায় অটোখনক।

জানিব পৰা মতে, পুৱা এএছ ২২চি ৭৫৮২ নম্বৰৰ এখন অটোৱে উন্মুক্ত ৰে’লপথ পাৰ হোৱাৰ সময়তে তীব্ৰ বেগে অহা মুৰ্কংচেলেং এক্সপ্ৰেছ ৰে’লখনে অটোখনকে মহতিয়াই লৈ যায়। অৱশ্যে এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে অটো চালকজনৰ।

auto accident
ভয়ংকৰ! ৰে’ল লাইন পাৰ হ’বলৈ লওঁতেই দ্ৰুতবেগী ৰে’লে মহতিয়াই লৈ গ’ল অটো, কথমপি প্ৰাণৰক্ষা চালকৰ 2

উল্লেখ্য যে, জোনাইৰ বিভিন্ন অঞ্চলত ৰে’ল বিভাগে ৰে’ল গেট নিৰ্মাণ নকৰাৰ বাবে উন্মুক্ত ৰে’লপথ পাৰ হোৱাৰ সময়ত এনে দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি অভিযোগ কৰি আহিছে ৰাইজে।