অসমীয়াঅসম

এইবাৰ শিক্ষকৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী! হাতত ৰেজিষ্টাৰ বহী লৈ ল’লে উপস্থিতি, ছাত্ৰীক প্ৰশ্ন- বয়ফ্ৰেণ্ড আছে নে নাই…

নিউজ ডেস্কঃ এইবাৰ শিক্ষকৰ ৰূপত দেখা গ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক। নিজ সমষ্টিৰ এখন বিদ্যালয়ত শিক্ষকৰ ৰূপত প্ৰৱেশ কৰি বিধায়কগৰাকীয়ে প্ৰথমে হাতত ৰেজিষ্টাৰ বহী লৈ শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ উপস্থিতি লয়। তাৰ পিছতে কেৰিয়াৰ আৰু জীৱন সম্পৰ্কে শিক্ষাদান কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

দৰাচলতে বুধবাৰে পুৱা মৰিয়নীৰ মৰিয়নী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত উপস্থিত হয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিদ্যালয় কৰ্তৃপক্ষৰ আমন্ত্ৰণমৰ্মে গৰমৰ বন্ধৰ সময়ত চলি থকা বিশেষ পাঠদানৰ অংশ হৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰীসকলক জীৱন আৰু কেৰিয়াৰ সম্পৰ্কে নীতিশিক্ষা দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে।

photo1657702324

পাঠদান কৰাৰ পূৰ্বে তেওঁ শিক্ষকৰ দৰেই শ্ৰেণীকোঠাত প্ৰৱেশ কৰে আৰু সন্মুখত ৰেজিষ্টাৰ বহী মেলি লৈ ছাত্ৰীসকলৰ উপস্থিতি লয়। সেই সময়ত শ্ৰেণীকোঠাত ছাত্ৰীৰ উপৰিও বিদ্যালয়ৰ শিক্ষক সকলো উপস্থিত থাকে।

শ্ৰেণীকোঠাত ৰূপজ্যোেতি কুৰ্মীয়ে ছাত্ৰীক প্ৰশ্ন কৰে- বয়ফ্ৰেণ্ড আছে নে নাই? এইবোৰ চক্ৰত নপৰিবা। ভালকৈ পঢ়া, ভাল ল’ৰা পাবা। নহ’লে যিকোনো ল’ৰাৰ লগত বিয়া হব লাগিব।

photo1657702355

ইফালে পাঠদানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিধায়কগৰাকীয়ে কয় যে জীৱনত সাফল্য লাভ কৰিবলৈ হ’লে ৪টা বিষয়ৰ ওপৰত সদায় ছাত্ৰ-ছাত্ৰীয়ে গুৰুত্ব প্ৰদান কৰিব লাগিব। সেই সমূহ হৈছে- প্ৰথমে- গুৰুক সন্মান কৰিব লাগিব। দ্বিতীয়তে- সময়ৰ মূল্য জানিব লাগিব। তৃতীয়তে- আমি ক’ত গৈ আছো সেয়া জানিব লাগিব। অৰ্থাৎ লক্ষ্যস্থান নিৰ্ধাৰণ কৰিব লাগিব।

বিধায়কগৰাকীয়ে লগতে কয় যে জীৱনত সাফল্য লাভ কৰিবলৈ হ’লে চতুৰ্থতে লাজ আৰু ভয় এৰাই চলিব লাগিব। ইয়াৰ উদাহৰণ দি বিধায়কগৰাকীয়ে কয় যে তেওঁ নিজেও খোনা। কিন্তু বিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁক যদি শিক্ষকে এই বিষয়ে সাহস নিদিলেহেঁতেন তেন্তে আজি তেওঁ এই স্থানত উপনীত হ’ব নোৱাৰিলেহেঁতেন।