ছেমিফাইনেলত পৰাস্ত ভাৰতীয় মহিলা হকী দল, অৱশ্যে ব্ৰঞ্জৰ পদক জয়ৰ আছে সম্ভাৱনা…

প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচা ভাৰতীয় মহিলা হকী দলটো থমকিব লগীয়া হ’ল ছেমিফাইনেলত।

আৰ্জেণ্টিনাৰ বিৰুদ্ধে ছেমিফাইনেলত ২-১ গ’লৰ ব্যাৱধানত পৰাস্ত হয় ভাৰতীয় দলটো।

অৱশ্যে ছেমিফাইনেলত পৰাস্ত হ’লেও এতিয়াও ভাৰতীয় মহিলা হকীদলটোৰ পদক জয়ৰ সম্ভাৱনা আছে।

৬ আগষ্ট শুকুৰবাৰে ভাৰতীয় মহিলা হকী দলটোৱে ব্ৰঞ্জৰ পদকৰ বাবে গ্ৰেইট ব্ৰিটেইনৰ বিৰুদ্ধে যুঁজ দিব।

কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক ১-০ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল।

আনহাতে, আৰ্জেণ্টিনাই সোণৰ পদকৰ বাবে শুকুৰবাৰে নেডাৰলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব।

অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে ভাৰতীয় মহিলা হকী দলটোৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰাৰ লগতে ব্ৰঞ্জৰ পদকৰ খেলৰ বাবে শুভেচ্ছা জনায়।

Leave a Comment