অসম-মিজোৰাম সীমা সমস্যাক লৈ কাইলৈ অনুষ্ঠিত হ’ব দুয়োখন ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক…

অসম-মিজোৰাম সীমা সমস্যাক লৈ কাইলৈ অনুষ্ঠিত হ’ব দুয়োখন ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক।

 মিজোৰামৰ ৰাজধানী আইজলত অনুষ্ঠিত হব এই বৈঠক।

এই বৈঠকত অসমৰ হৈ উপস্থিত থাকিব দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক কুমাৰ সিংঘাল।

আনহাতে মিজোৰামৰ তৰফৰ পৰা মিজোৰামৰ গৃহ মন্ত্ৰী লালচামলিনা, ভূমি আৰু ৰাজহ বিভাগৰ মন্ত্ৰী লালৰুৱাটকিমা আৰু গৃহ বিভাগৰ সচিৱে বৈঠকত অংশগ্ৰহণ কৰিব।

বৈঠক সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ‘অসমৰ দুগৰাকী মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক কুমাৰ সিংঘালে অসমবাসীৰ হৈ শান্তিৰ বাৰ্তা কঢ়িয়াই আনিব।

আনহাতে, মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাইও উক্ত বৈঠকে সীমা বিবাদ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব পদক্ষেপ গ্ৰহণক কৰিব বুলি টুইট কৰে।

উল্লেখ্য যে, ২৬ জুলাইত সংঘটিত হোৱা অসম-মিজোৰাম সীমান্তত মিজোৰাম আৰক্ষীৰ গুলিত ছয়গৰাকীকৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হৈছিল।

Leave a Comment