পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পদত্যাগ…

পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কেপ্টেইন অমৰিন্দৰ সিঙৰ।

ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতক সাক্ষাৎ কৰি নিজেই পদত্যাগ পত্ৰ প্ৰদান কৰে অমৰিন্দৰ সিঙে।

নৱজোৎ সিং সিদ্ধুৰ উত্থানৰ পিছৰে পৰা ৰাজ্যখনত সিংহাসনক লৈ কিছু যুঁজ চলি আছিল।

আজি ৪০ বিধায়কেও সিদ্ধুৰ ফলীয়া হৈ কেপ্টেইন অমৰিন্দৰ সিঙৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰাৰ কথা আছিল।

তাৰ পূৰ্বেই মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দিয়ে।

লগতে মন্ত্ৰী পৰিষদৰ অন্য মন্ত্ৰী সকলেও নিজৰ নিজৰ পদত্যাগ পত্ৰ দিয়ে।

Leave a Comment