বানৰ পাছত এইবাৰ আন এক দুৰ্যোগ! বৰপেটাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এজনৰ

নিউজ ডেস্কঃ বাৰিষাৰ বানৰ দুৰ্যোগ পাৰ হোৱাৰ পিছত এইবাৰ বানাক্ৰান্ত অঞ্চললৈ নামি আহিছে আন এক দুৰ্যোগ। ৰাজ্যত এইবাৰ জাপানীজ এনকেফেলাটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিল এজন ব্যক্তি।

জানিব পৰা মতে, বৰপেটাৰ ন-সত্ৰৰ নিৱাসী উপেন্দ্ৰ মজুমদাৰ (৬৫) নামৰ লোকজনৰ বুধবাৰে বিয়লি মৃত্যু ঘটে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ।

photo1657177554
বানৰ পাছত এইবাৰ আন এক দুৰ্যোগ! বৰপেটাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এজনৰ 2

যোৱা ২০ জুনৰ পৰা তীব্ৰ জ্বৰত আক্ৰান্ত হৈ থকা উপেন্দ্ৰ মজুমদাৰক ২৯ জুনত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ জিএনআৰচি হাস্পতালত। তাতেই চিকিৎসাধীন অৱস্থাত বুধবাৰে মৃত্যু ঘটে ব্যক্তিজনৰ।

দুই পুত্ৰ আৰু দুই কন্যা সন্তানৰ পিতৃ উপেন্দ্ৰ মজুমদাৰৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ পৰিছে। আনহাতে লোকজনৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ খবৰে আতংকৰো সৃষ্টি কৰিছে।