অসমীয়াঅসম

শােকাৱহ! ঘৰৰ চৌহদতে বজ্ৰপাতত প্ৰাণ গ’ল যুৱকৰ…

নিউজ ডেস্কঃ পুৱা ঘৰৰ পৰা ওলাই অহাৰ সময়তে বজ্ৰপাত পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এজন যুৱকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ বৰমাৰ খাৰুৱাজানত।

photo1657112065

জানিব পৰা মতে, বুধবাৰে পুৱা প্ৰায় ৬.১০ বজাত ঘৰৰ সন্মুখতে বজ্ৰপাত পৰি মৃত্যুক সাৱটি লয় যুৱকজনে। নিহত যুৱকজনৰ পৰিচয় সন্তোষ ৰামছিয়াৰী (৩২) বুলি জানিব পৰা গৈছে।

photo1657111959

ইফালে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

বজ্ৰপাত পৰি যুৱকজনৰ কৰুণ মৃত্যুক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

মৰ্মান্তিক! বানৰ কবলত পৰি ৪ বছৰীয়া শিশুৰ সলিল সমাধি

photo1657084670