শোকাবহ! শৌচাগাৰৰ টেংকীত প্ৰৱেশ কৰি উশাহ বন্ধ হৈ পৰিল ২ শ্ৰমিকৰ, হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু

নিউজ ডেস্কঃ নিৰ্মীয়মান শৌচাগাৰৰ টেংকীৰ ভিতৰত প্ৰৱেশ কৰি থকাৰ সময়তে উশাহ বন্ধ হৈ কৰুণ মৃত্যুক সাৱটি ল’লে দুজনকৈ শ্ৰমিকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ বেঙেনাআটিত।

জানিব পৰা মতে, কলিয়াবৰৰ বেঙেনাআটিৰ মহেশ্বৰ বসুমতাৰী নামৰ এজন লোকৰ ঘৰৰ শৌচাগাৰৰ টেংকী নিৰ্মাণ কৰি আছিল তিনিজন শ্ৰমিকে।

latrin
শোকাবহ! শৌচাগাৰৰ টেংকীত প্ৰৱেশ কৰি উশাহ বন্ধ হৈ পৰিল ২ শ্ৰমিকৰ, হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু 3

শ্ৰমিক কেইজনে টেংকীৰ ভিতৰত প্ৰৱেশ কৰি নিৰ্মাণকাৰ্য চলাই থকাৰ সময়তে শ্বাস প্ৰশ্বাস বন্ধ হৈ পৰে দুজন শ্ৰমিকৰ।

লগে লগে দুয়োকে নিকটৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে শ্ৰমিক দুজনক।

নিহত শ্ৰমিক দুজনক বৰুৱাআটিৰ বুুবুল বিশ্বাস আৰু কাৱৈমাৰীৰ দিলীপ মণ্ডল বুলি জানিব পৰা গৈছে।

কিছুদিন ধৰি বন্ধ হৈ থকা নিৰ্মীয়মান টেংকীৰ ভিতৰত অক্সিজেনৰ অভাৱৰ বাবেই শ্ৰমিক দুজনৰ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে। দুই শ্ৰমিকৰ মৃত্যুই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।

লগতে চাওকঃ

পিতৃ-কন্যাই একেলগে যুঁজাৰু বিমান উৰুৱাই সৃষ্টি কৰিলে নতুন অভিলেখ…

G7
শোকাবহ! শৌচাগাৰৰ টেংকীত প্ৰৱেশ কৰি উশাহ বন্ধ হৈ পৰিল ২ শ্ৰমিকৰ, হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু 4