লজ্জাজনক কাণ্ড! ১৫ বছৰীয়া কিশোৰীক বলাৎকাৰ মন্দিৰৰ লম্পট পূজাৰীৰ, গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল মন্দিৰৰ এজন লম্পট পূজাৰীক। সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ন মাইলত।

জানিব পৰা মতে, ন মাইলৰ এটা প্ৰসিদ্ধ শিৱ মন্দিৰৰ পূজাৰীৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ উত্থাপন কৰিছে মন্দিৰৰ সমীপৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী আৰু তেওঁৰ পৰিয়ালে। কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ভোলা বৰুৱা নামৰ পাষণ্ড পূজাৰীজনক।

photo1657104808
লজ্জাজনক কাণ্ড! ১৫ বছৰীয়া কিশোৰীক বলাৎকাৰ মন্দিৰৰ লম্পট পূজাৰীৰ, গ্ৰেপ্তাৰ 3

বাতৰি অনুসৰি, পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ শাৰিৰীক পৰিৱৰ্তন প্ৰত্যক্ষ কৰি সোধাপোছা কৰোতেই মন্দিৰৰ পূজাৰীজনে তেওঁক ধৰ্ষণ কৰা বুলি কয়। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। কিশোৰীগৰাকী বৰ্তমান ৪ মাহৰ অন্তঃসত্বা বুলি জানিব পৰা গৈছে।

ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভোলা বৰুৱা নামৰ পূজাৰীজনে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বুলি দাবী কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ পিছতহে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

photo1657104911
লজ্জাজনক কাণ্ড! ১৫ বছৰীয়া কিশোৰীক বলাৎকাৰ মন্দিৰৰ লম্পট পূজাৰীৰ, গ্ৰেপ্তাৰ 4

আনহাতে ন মাইলৰ অন্যতম প্ৰসিদ্ধ এই শিৱ মন্দিৰটোত ধৃত পূজাৰীজনৰ ছত্ৰছায়াতে অৰুণাচলী সুৰা আৰু ভাঙৰ এক বৃহৎ ঘাটী হৈ পৰা বুলি অভিযোগ তুলিছে স্থানীয় লোকে। অভিযোগ অনুসৰি, এই মন্দিৰটোত দীৰ্ঘদিনৰ পৰা মদ আৰু ভাঙৰ এক আড্ডা চলি আহিছে।