মন্দিৰত বদৰুদ্দিন আজমল! তুমুল চৰ্চা…

এইবাৰ ঈদুল আজহাৰ তথা বকৰিদত গো কুৰবাণী নিদিবলৈ আহ্বান জনাই ৰাজ্যজুৰি চৰ্চা লাভ কৰি থকাৰ মাজতে পুনৰ আন এক কাৰণত বিশেষ চৰ্চা লাভ কৰিছে মৌলনা বদৰুদ্দিন আজমলে।

এইবাৰ বৰাক উপত্যকাত এটা মন্দিৰত প্ৰৱেশ কৰাক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বদৰুদ্দিন আজমল।

উল্লেখ্য যে, ৪ দিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে বৰাক উপত্যকাত উপস্থিত হয় বদৰুদ্দিন আজমল।

image 38
মন্দিৰত বদৰুদ্দিন আজমল! তুমুল চৰ্চা... 3

ইয়াৰ মাজতে কাছাৰ জিলাৰ বড়জালেঙ্গাত থকা ‘শ্ৰী শ্ৰী বৰম বাবা’ৰ মন্দিৰ নামে খ্যাত শিব মন্দিৰত উপস্থিত হ’ল AIUDF প্ৰধান গৰাকী।

কেৱল ইমানেই নহয় মন্দিৰত উপস্থিত হৈ দুপৰীয়‍া আহাৰো গ্ৰহণ কৰে আজমলে।

কিন্তু এই ঘটনাকলৈ এতিয়া বৰাক উপত্যকাত সৃষ্টি হৈছে তুমুল চৰ্চাৰ।

মৌলানা বদৰুদ্দিনে মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰিছে বুলি সামাজিক মাধ্যমত বিভিন্নজনে বিদ্ৰুপ কৰিবলৈ আৰম্ভ কৰিছে।

image 39
মন্দিৰত বদৰুদ্দিন আজমল! তুমুল চৰ্চা... 4

এই সন্দৰ্ভত আজমলে কয়, ‘মন্দিৰ-মছজিদত যোৱাৰ অৰ্থ কেৱল মাত্ৰ পূজা দিয়া আৰু নামাজ পঢ়া নহয়।’

এই বৰম বাবাৰ মন্দিৰ চৌহদত সোনাই সমষ্টিৰ বিধায়কে ১৫ হাজাৰ দুখীয়া ৰাইজৰ খোৱাৰ ব্যবস্থা কৰিছিলে আৰু ইয়াৰ বাবেই তাত উপস্থিত হৈ আহাৰ গ্ৰহণ কৰিছিলে-আজমলে।

লগতে তেওঁ মন্দিৰৰ ভিতৰত প্ৰবেশ কৰা নাই বুলিও স্পষ্ট কৰে।